Logo
image

শুৱালকুছিক বিশ্ব দৰবাৰলৈ লৈ যাব ৰিলায়েঞ্চে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ   শুৱালকুছিৰ পাট-মুগা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব ৰিলায়েঞ্চে৷ সদ্য সমাপ্ত এডভাণ্টেজ আছাম-২.০ ত ৰিলায়েঞ্চ গ্ৰুপ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত অনাগত পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ অংশ হিচাপে ৰিলায়েঞ্চ এইবাৰ অসম চৰকাৰৰ সহযোগত পাট-মুগা শিল্পৰ ব্যৱসায়তো বিনিয়োগৰ পৰিকল্পনা কৰিছে৷ ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ এই ঘোষণাৰ পাছতেই শুৱালকুছিৰ বস্ত্ৰ শিল্পই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেলত এডভাণ্টেজ আছাম-২.০ত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিনিয়োগৰ প্ৰস্তাৱৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘ৰিলায়েন্সে গ্ৰুপে যোগজয়ী প্ৰচেষ্টা হিচাপে শুৱালকুছিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে৷ এয়া ৰিলায়েঞ্চৰ কোনো ব্যৱসায় নহয়৷ তেওঁলোকে অসমৰ বাঁহ শিল্পৰ ক্ষেত্ৰখনতো আগ্ৰহ প্ৰকাশ কৰিছে৷’


উল্লেখ্য, এডভাণ্টেজ আছামৰ প্ৰথম দিনটোতে ৰিলাযেঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত ৫,০০০ কোটি টকা বিনিয়োগৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি শুৱালকুছিক অসমৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত বুলি অভিহিত কৰিছিল৷ ৰিলায়েঞ্চ ফাউণ্ডেশ্বনে ‘স্বদেশ ষ্টল’ নিৰ্মাণেৰে শুৱালকুছিত নিয়োগ সৃষ্টিৰ সম্ভাৱনীয়তাও ব্যক্ত কৰিছিল৷ এই কাৰ্যক ৰিলায়েঞ্চৰ যোগজয়ী প্ৰতিষ্ঠাৰ পদক্ষেপ বুলিও অভিহিত কৰিছিল আম্বানীয়ে৷ অনাগত দিনত অসমত ৰিলায়েঞ্চৰ বিপণীৰ সংখ্যা ৪০০ খনৰ পৰা ৮০০ খনলৈ বৃদ্ধি কৰাৰ কথাও ব্যক্ত কৰা দেখা গৈছিল দেশৰ প্ৰখ্যাত উদ্যোগপতিজনক৷ অৱশ্যে, শুৱালকুছিক লৈ ৰিলায়েঞ্চৰ এই পৰিকল্পনাক লৈ পাট-মুগা শিল্পৰে জড়িত থলুৱা শিল্পীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাও দেখা পোৱা গৈছে৷