
জিএছটি আৰোপ ! কাঁহ শিল্পত উদ্বেগ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ অসম বিখ্যাত সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিছে জি আই টেগ৷ এডভাণ্টেজ আছাম-২.০ ত সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পই দেশ-বিদেশৰ বিনিয়োগকাৰীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনকি এডভাণ্টেজ আছামত ভূটানৰ উদ্যোগীসকলে কাঁহৰ তাল চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামাজিক অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ কথা জানিবলৈ দি সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিপণীস্থলীৰ পৰাই ভূটানৰ উদ্যোগীয়ে ৪০০ যোৰা তাল ক্ৰয় কৰি ৰাজ্যৰ অৰ্থনীতিলৈ আশাৰ বাৰ্তাও প্ৰেৰণ কৰিছে৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ উদ্যোগীসকলে অসমৰ কাঁহ-পিতলৰ শিল্পক লৈ আগ্ৰহ প্ৰকাশ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক হঠকাৰী সিদ্ধান্তই ৰাজ্যৰ উদ্যোগটোলৈ অশনি সংকেট কঢ়িয়াই আনিছে৷ কাঁহ শিল্পৰ ওপৰত চৰকাৰে জি এছ টি আৰোপ কৰাত ভয়ংকৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে শিল্পীসকল৷
এডভাণ্টেজ আছামত বিশ্ব বিনিয়োগকাৰীৰ সন্মুখত সৰ্থেবাৰীৰ কাঁহ-শিল্পক প্ৰদৰ্শন কৰা কামাখ্যা শিল্প উদ্যোগৰ এজন প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি কাঁহ শিল্পৰ কেঁচা মালৰ পৰা আৰম্ভ কৰি উৎপাদিত সামগ্ৰীলৈ সকলোৰে ওপৰত পৃথকে পৃথকে জি এছ টি আৰোপ কৰাত এসময়ৰ লাভজনক উদ্যোগটো এতিয়া মৃত্যুৰ মুখে গতি কৰিছে৷ ক’ভিডৰ পাছৰে পৰা কাঁহ শিল্পৰ কেঁচা মালৰ অস্বাভাৱিক মূল্য বৃদ্ধি পাইছে৷ কেঁচা মালৰ মূল্য বৃদ্ধিৰে কোঙা কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰা দি চৰকাৰে এতিয়া প্ৰস্তুত কৰা কাঁহৰ সামগ্ৰীৰ ওপৰতো জি এছ টি আৰোপ কৰিছে৷ জি এছ টি আৰোপ কৰাৰ ফলত সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিক্ৰী হ্ৰাস পোৱাৰ লগতে শিল্পৰে জড়িত লোকসকলে লোকচানৰ সন্মুখীন হৈছে৷ যাৰ বাবে বজাৰত নকল সামগ্ৰী ভৰি পৰাৰ লগতে দুষ্ট প্ৰকৃতিৰ ব্যৱসায়ীয়ে ওজন বৃদ্ধিৰ বাবে দুই নম্বৰী পন্থা হাতত ল’বলৈ বাধ্য হৈছে৷ সৰ্থেবাৰীৰ কাঁহ শিল্পৰ উদ্যোগটোক কেঁচা মাল যোগান ধৰে অসম সমবায় কঁহাৰ সংঘই৷ কিন্তু কৰ ফাঁকি অভিযোগত জি এছ টি কতৃৰ্পক্ষই সমবায়খন বন্ধ কৰি দিয়াত উদ্যোগটোলৈ অশনি সংকেট নামি আহিছে৷ সেয়েহে মুখ্যমন্ত্ৰীক কাঁহ শিল্পৰ ওপৰত জি এছ টি প্ৰত্যাহাৰৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি উদ্যোগটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ থলুৱা শিল্পীসকলে আহ্বান জনাইছে৷৷