টুইন টাৱাৰ নিৰ্মাণ হৈ আছে, জনালে মুখ্যমন্ত্ৰীয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ফেব্ৰুৱাৰীঃ ‘এডভাণ্টেজ আছামৰ বিষয়ে ৰাজনৈতিক কাৰণতে হওক বা আন কাৰণতে হওক এচামে বিতৰ্ক কৰে৷ টুইন টাৱাৰ কি হ’ল বুলি তেওঁলোকে প্ৰশ্ন কৰে৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এক সংবাদ মেলত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়– ‘প্ৰশ্নটো কৰিবলৈ বৰ ভাল৷ কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কেইজন সাংবাদিক গৈছো, বা আমি কেইজন মানুহ গৈছো৷ আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহ’লগৈ৷ কিন্তু অসমত যে ৮০০ কোটি টকা খৰচ কৰি টুইন টাৱাৰৰ নিৰ্মাণ হৈ আছে, ৬০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে– সেইটো কোনেও চাব যোৱা নাই৷ এইকেইটা দিন ফেচবুকত মই খালী এইটোৱেই পাইছো কি হ’ব এডভাণ্টেজ আছামৰ, ওৱানত একো নহ’লে৷
টুইন টাৱাৰেই নহ’ল৷ কোনোবাই বিধানসভাত প্ৰশ্নটো কৰিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ’ল নে নাই৷ আমি ধৰিয়েই লৈছো যে নাই হোৱা৷ আমি যিটো ইণ্ট্ৰিগ্ৰেটেড ডাইৰেক্টৰেট নিৰ্মাণ কৰি আছো, সেইটো একে ডিজাইনৰ৷ টুইন টাৱাৰৰ ডিজাইনৰ৷ এখন ব্ৰীজেৰে দুটা বিল্ডিঙৰ সংযোগ কৰা হৈছে৷ ৬০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷’ উল্লেখ্য, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত উদ্যোগিক বিকাশৰ বাবে গুৱাহাটীত ৫৯ মহলীয়া টুইন টাৱাৰ স্থাপনৰ কথা কৈছিল৷ সেই টুইন টাৱাৰক লৈ ৰাজ্যত সৰ্বত্ৰ চৰ্চা হৈছিল৷ বহুতে সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ বাস্তৱিকতাক লৈ মস্কৰাও কৰিছিল৷ একেই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে আজি এনেদৰে মন্তব্য কৰে৷






