১০ লাখ গামোচাৰে মুখ্যমন্ত্ৰীৰ দেশজুৰি বিহুৰ ওলগ, দিনে-নিশাই ব্যস্ত বস্ত্ৰ বিভাগৰ কৰ্মচাৰী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ অসম নহয়, এতিয়া সমগ্ৰ দেশতে বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী তথা শুভাকাংক্ষী৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলোৱাৰ নতুন নতুন দায়িত্ব দিয়াত দলীয় নেতাৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ সৈতেও ঘনিষ্ঠতা বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীৰ৷ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ ৰঙালী বিহুত দেশৰ বিভিন্ন ব্যক্তি বিশেষক ফুলাম গামোচা উপহাৰ দি অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৰ ওলগ জনোৱাৰ পৰিকল্পনা কৰিছে৷ বিগত দুবছৰ ধৰি ৰঙালী বিহুত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন ব্যক্তি বিশেষৰ লগতে সাংবাদিক, শিল্পী, সাহিত্যিকসকলক গামোচা উপহাৰ দিয়া পৰিলক্ষিত হৈছিল৷ গামোচাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাক্ষৰযুক্ত এখন শুভেচ্ছা পত্ৰও উপহাৰ দিছিল৷ এইবাৰ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰৰ টোপোলাই অসমৰ সীমা অতিক্ৰম কৰিব৷সমাগত ব’হাগ বিহুত মুখ্যমন্ত্ৰীয়ে দেশৰ মুঠ ১০ লাখ ব্যক্তি বিশেষক নিজৰ ফটো আৰু স্বাক্ষৰযুক্ত শুভেচ্ছা-পত্ৰৰ লগতে অসমীয়া ফুলাম গামোচা উপহাৰ দিয়াৰ বাবে সাজু হৈছে৷
মুখ্যমন্ত্ৰীয়ে বিহুৰ উপহাৰ দিবলগীয়া ব্যক্তি বিশেষৰ তালিকাত দেশৰ প্ৰখ্যাত ৰাজনৈতিক নেতাৰ পৰা মন্ত্ৰী-বিধায়কলৈ, আমোলা-বিষয়াৰ পৰা উদ্যোগীলৈ, সাংবাদিকৰ পৰা শিল্পী-সাহিত্যিকলৈ, দলীয় কৰ্মীৰ পৰা সাধাৰণ লোকলৈ বিভিন্নজন ব্যক্তি অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে৷ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ ডেৰ মাহ সময় বাকী আছে যদিও মুখ্যমন্ত্ৰীৰ ১০ লাখ গামোচাৰ উপহাৰ টোপোলা সাজু কৰাৰ বাবে এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে মহানগৰীৰ আমবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়৷ সঞ্চালকালয়ৰ লগতে আৰ্টফেডৰ কৰ্মচাৰীয়ে পুৱাৰে পৰা মাজ নিশালৈ গামোচাৰ উপহাৰ পেকেট কৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰীৰ নাই বিহুৰ উপহাৰৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰ ৰাজকোষৰ পৰা বৃহৎ অংকৰ পুঁজি মুকলি কৰি দিছে৷ এই সমস্ত ধন ব্যয় কৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে৷ প্ৰথম পৰ্যায়ত ৰঙালী বিহুৰ উৰুকাই দিনাই দেশৰ বছা বছা ব্যক্তি বিশেষে উপহাৰৰ টোপোলা লাভ কৰাও ব্যৱস্থা কৰিছে৷ মুখ্যমন্ত্ৰীৰ স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ অধীনত ৰাজ্যৰ শিপিনীসকলে তাঁতৰ শালত প্ৰস্তুত কৰি ওলোৱা গামোচাক উপহাৰ হিচাপে প্ৰদান কৰা হ’ব৷ ইতিমধ্যে, নামনি অসমৰ কামৰূপ, দৰং, নলবাৰী, বৰপেটাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ-ধেমাজিৰ শিপিনী বোৱনীয়ে প্ৰস্তুত কৰা গামোচা ট্ৰাকে ট্ৰাকে আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়লৈ অনা হৈছে৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত বিগত দুবছৰ ধৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰঙীন পেকেটত বিভিন্ন ব্যক্তিলৈ গামোচা আৰু শুভেচ্ছা-পত্ৰ উপহাৰ প্ৰদান কৰি আহিছে৷






