Logo
image

শৰীৰ সুস্থ ৰাখিবলৈ এইবোৰ ফল খাওক

আমাৰ অসম বিশেষঃ গ্ৰীষ্ম আৰু বাৰিষা মানেই ৰসাল ফলৰ বতৰ৷ পিছে ছয়টা ঋতুৰ গ্ৰীষ্ম আৰু বৰ্ষা ঋতুত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু পৰিমাণে হ্ৰাস পায়৷ ফলত শৰীৰত দেখা দিয়ে বিভিন্ন সংক্ৰমণে– বিশেষকৈ বাৰিষা কালত জ্বৰ, চৰ্দি আৰু কাহৰ লগতে হজমৰ সমস্যা বৃদ্ধি পায়৷ বাৰিষা কালত বতাহত আদ্ৰৰ্তাৰ পৰিমাণ বেছি থাকে৷ এনে অৱস্থাত এই সময়ত বিভিন্ন ৰোগৰ সংক্ৰমণৰ পূৰ্ণ আশংকা থাকে৷ যাৰ বাবে এইছোৱা সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা দৰকাৰ৷ ইয়াৰ বাবে নিতৌ খাদ্যৰ সৈতে ফলাহাৰ ৰখা উচিত৷ আজিৰ শিতানত গ্ৰীষ্ম আৰু বাৰিষা কালত খাদ্যৰ সৈতে কি কি ফলাহাৰ ৰখা উচিত সেই বিষয়ে উল্লেখ কৰা হ’ল–

[১] অমিতাঃ অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে৷ অমিতাই হজম শক্তি বঢ়োৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে৷

[২] আপেলঃ বাৰিষা কালত দৈনিক অন্ততঃ এটাকৈ আপেল খোৱা উচিত৷ আপেলে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

[৩] ডালিমঃ ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকা বাবে ই হজম শক্তি বঢ়ায়৷

[৪] নাচপতিঃ নাচপতিয়ে শৰীৰ শীতল কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ তদুপৰি জ্বৰ, চৰ্দি আৰু কাহ কমায় নাচপতিয়ে৷ নাচপতিত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে৷

[৫] মধুৰিআমঃ মধুৰিআমতো থাকে ভিটামিন ‘চি’৷ সেই বাবে মধুৰিআমে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি যিকোনো পাশ্বৰ্ক্ৰিয়াৰ পৰা ৰক্ষা পৰিবলৈ মধুৰিআম খোৱা উচিত৷

[৬] কলঃ কল হৈছে সকলোৰে পৰিচিত আৰু সহজতে পাব পৰা ফল৷ ইয়াত ভিটামিন আৰু পৰ্যাপ্ত পৰিমাণে মিনাৰেল থকাত হজম ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷

[৭] জামুঃ বাৰিষা কালৰ এবিধ অন্যতম আৰু উৎকৃষ্ট ফল হৈছে জামু৷ জামুত কেল’ৰি কম থকাৰ লগতে ইয়াত আইৰণ, পটাছিয়াম আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে৷ সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে বাৰিষা আৰু গ্ৰীষ্মকালত জামু খোৱা উচিত বুলি পৰামৰ্শ আগবঢ়ায়৷