Logo
image

প্ৰশিক্ষক-অধিনায়কৰ বিবাদেই পাকিস্তানৰ বিপৰ্যয়ৰ কাৰণ

প্ৰায় তিনি দশক পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ টুৰ্নামেণ্ট আয়োজনৰ সুযোগ পাইছিল পাকিস্তানে৷ কিন্তু বিশ্বকাপৰ পাছতে বিশ্ব ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্নামেণ্টখনত মত্ৰ চাৰি দিনতে অভিযান সামৰিবলগীয়া হ’ল আয়োজক দেশখনে৷ এই বিষয়টোক লৈ এতিয়া দেশখনত যথেষ্ট হুলস্থূলৰ সৃষ্টি হৈছে৷ এজনে আনজনৰ ওপৰত দোষ জাপি দি দায় সৰাৰ চেষ্টা চলাইছে সংশ্লিষ্টসকলে৷ চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিপৰ্যয়ৰ পাছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কঠোৰ স্থিতি গ্ৰহণ কৰি প্ৰশিক্ষকৰ লগতে ৰাষ্ট্ৰীয় দলটোৰ কেইবাজনো ছিনিয়ৰ ক্ৰিকেটাৰক দলৰ পৰা বাদ দিয়াৰ সম্ভাৱনাও সৃষ্টি হৈছে৷ এনে সম্ভাৱনাৰ মাজতে পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিপৰ্যয়ৰ প্ৰধান কাৰণটো  আছিল প্ৰশিক্ষক আৰু অধিনায়কৰ মাজত চলা বিবাদ৷ উল্লেখ্য, চেম্পিয়নছ ট্ৰফীত পাকিস্তানে এখন খেলতো জয়ী নোহোৱাকৈ বিদায় ল’বলগীয়া হৈছে৷ গ্ৰুপৰ প্ৰথম দুখন খেলত নিউজীলেণ্ড আৰু ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল৷ পাকিস্তানৰ একাধিক সংবাদ মাধ্যমৰ দাবী– অন্তৱৰ্তীকালীন প্ৰশিক্ষক আকিব জাভেদ আৰু অধিনায়ক মহম্মদ ৰিজৱানৰ মাজত চলা ক্ষমতা দখলৰ যুঁজেই আছিল টুৰ্নামেণ্টখনত পাকিস্তানৰ শোচনীয় প্ৰদৰ্শনৰ মূল কাৰণ৷ টুৰ্নামেণ্টখন আৰম্ভ হোৱাৰ পূৰ্বেই পাকিস্তানৰ শিবিৰত কন্দল আৰম্ভ হৈছিল৷


দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ কোনে ল’ব তাক লৈ বিবাদ আৰম্ভ হৈছিল জাভেদ  আৰু ৰিজৱানৰ মাজত৷ দুয়োজনৰ উদ্দেশ্য আছিল ক্ষমতা নিজৰ দখলত ৰখা৷ জানিব পৰা মতে, দল নিৰ্বাচনৰ পৰা মূল একাদশ কেনেদৰে সজোৱা হ’ব সেই বিষয়ত অধিনায়কজনৰ মতক কোনো গুৰুত্ব দিয়া নাছিল অন্তৱৰ্তীকালীন প্ৰশিক্ষক জভেদে৷ কেৱল সেয়াই নহয়, ক্ৰমাগত দুখন খেলত পৰাস্ত হোৱাৰ পাছত ড্ৰেছিং ৰুমত দলৰ ছিনিয়ৰ বেটাৰক গালি-গালাজ কৰিছিল প্ৰশিক্ষকজনে৷ অৱশ্যে, এনেধৰণৰ অভিযোগ প্ৰকাশ্যেই অস্বীকাৰ কৰিছে জাভেদে৷ এই বিষয়টোত তেওঁৰ স্পষ্ট উত্তৰ–‘মই ক্ৰিকেটাৰক সন্মান কৰো৷ কাকো গালি-গালাজ নকৰো৷ শিক্ষকে ছাত্ৰত গালি-গালাজ কৰে, মাৰধৰো কৰে৷ কিন্তু প্ৰশিক্ষক হিচাপে মই সেইবোৰ নকৰো৷ মই ক্ৰিকেটাৰক সন্মান কৰো৷ তেওঁলোকে যেনেদৰে বিচাৰে, সেইদৰেই অনুশীলন কৰাৰ সুযোগ দিওঁ৷’ সমস্যাটো হৈছে যে এনেদৰে কোৱাৰ পাছত জাভেদে ক্ৰিকেটাৰসকলৰ যোগ্যতাক লৈ প্ৰশ্ন তুলিছে৷ তেওঁ কয় যে পাকিস্তানৰ ক্ৰিকেটৰ মান উন্নত হোৱা উচিত৷ য’ত প্ৰয়োজন ২৫০ ৰান, তাত বেটাৰসকলৰ পৰা আহিছে ১২০-১৫০ ৰান৷

কেইবাজনো  প্ৰাক্তন ক্ৰিকেটাৰৰ মতে, পাকিস্তানৰ ক্ৰিকেটত এতিয়া সংস্কাৰৰ প্ৰয়োজন  আহি পৰিছে৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও দলত ব্যাপক সালসলনিৰ চিন্তা-চৰ্চা চলাইছে৷ প্ৰশিক্ষকৰ লগতে তেওঁৰ সহযোগীসকলক অব্যাহতি দিয়া হ’ব পাৰে৷ চেম্পিয়নছ ট্ৰফীৰ পাছতে এই সিদ্ধান্ত লোৱা হ’ব পাৰে৷ পাকিস্তানত অৱশ্যে প্ৰশিক্ষক সলনি কৰা কোনো নতুন কথা নহয়৷ বিগত এবছৰত সলনি কৰা হৈছে পাঁচজন প্ৰশিক্ষক৷ এইবাৰ প্ৰশিক্ষকৰ দায়িত্ব কাক দিয়া হয় সেয়া হ’ব লক্ষ্যণীয়৷