Logo
image

৩০ বছৰে নখ কটা নাছিল এই তৰুণীয়ে

আমাৰ অসম, ১০ এপ্ৰিলঃ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল নখ ৰাখি বিখ্যাত হৈ পৰিছিল টেক্সাছৰ আয়ানা উইলিয়ামছ নামৰ এগৰাকী যুৱতী৷ ২০১৭ চনত তেওঁৰ হাতৰ আঙুলিৰ নখৰ দৈৰ্ঘ্য আছিল ১৯ ফুট৷ সেইবাৰ তেওঁ পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নখৰ অধিকাৰিণী হিচাপে গীনিছ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছত বিগত বছৰ কেইটাত তেওঁৰ নখৰ দৈৰ্ঘ্য ২৪ ফুটলৈ বৃদ্ধি পায়৷ কিন্তু যুৱতীগৰাকীৰ বাবে অতি দুখৰ বিষয় যে যোৱা সপ্তাহত এই নখ কাটিবলগীয়া হয়৷ সুদীৰ্ঘ ৩০ বছৰৰ পাছত নখ কাটিবলৈ গৈ স্বাভাৱিকতে হুক্‌হুকাই কান্দি উঠে আয়ানে৷ যুৱতীগৰাকীয়ে ১৯৯০ চনৰ পৰাই নিজৰ নখ কটা নাছিল৷