Logo
image

লণ্ডনত অভ্যৰ্থনা সুৰ নৰম কৰিলে জেলেনস্কিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ মাৰ্চঃ  বাকযুদ্ধ ইমান ডাঙৰ কথা নহয়, ৰাছিয়াৰ সৈতে অব্যাহত থকা যুদ্ধখন শেষ হোৱাহে ডাঙৰ কথা৷ হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অভূতপূৰ্ব বাক-বিতণ্ডাত জড়িত হৈ মিত্ৰ হৈয়ো আমেৰিকাৰ  বিৰাগভাজন হৈ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ জেলেনস্কিয়ে সুৰ কোমল কৰি মাৰ্কিন সহায় অপৰিহাৰ্য বুলি মন্তব্য কৰিছে৷ হোৱাইট হাউছৰ পৰা আক্ষৰিক অৰ্থতে ‘খেদা খাই’ ওলাই যাবলগীয়া হোৱা জেলেনস্কিয়ে ইউৰোপৰ মিত্ৰদেশ ব্ৰিটেইনৰ পৰা ২৪ হাজাৰ ৪০০ কোটি টকা ঋণ লাভ কৰিলেও ইউক্ৰেইনৰ বাবে এতিয়া মাৰ্কিন ক্ষত নিৰাময় কৰাটোৱেই প্ৰধান লক্ষ্য৷ হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পৰা ধমকি খাই ওলাই যোৱা জেলেনস্কি তেওঁৰ আপোচবিহীন বক্তব্য আৰু স্থিতিৰ বাবে নিজ দেশ আৰু ইউৰোপীয় মিত্ৰ দেশৰ সন্মুখত এজন ‘হিৰো’ ঠিকেই, কিন্তু ইউক্ৰেইনক যুদ্ধৰ যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ বাবে তেওঁক আমেৰিকাৰ সহায়ৰ বিকল্প নাই৷ শুকুৰবাৰে হোৱাইট হাউছৰ এই অনাকাংক্ষিত বাকযুদ্ধৰ পাছত বাস্তবলৈ উভতি অহা ভ্‌লাডিমিৰ জেলেনস্কিয়ে সেই বাস্তব পৰিস্থিতি উপলব্ধি কৰিয়েই আমেৰিকাৰ সাহায্যৰ গত্যন্তৰ নাই বুলি মন্তব্য কৰিছে৷ লণ্ডনৰ ১০ নং ডাউনিং ষ্ট্ৰীটত জেলেনস্কিয়ে ৰাজ আতিথ্য লাভ কৰিছে, ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে অস্ত্ৰ ক্ৰয় বা নিৰ্মাণ কৰিবলৈ বিশাল অংকৰ ধনো পাইছে৷


কিন্তু আমেৰিকাৰ প্ৰচেষ্টা অবিহনে এই যুদ্ধ বন্ধ অসম্ভৱ আৰু মাৰ্কিন সাহায্য অবিহনে ইউক্ৰেইনৰ প্ৰতিৰোধো অসম্ভৱ৷ জেলেনস্কিয়ে সুৰ কোমল কৰি কৈছে– ‘মই সকলোধৰণৰ সাহায্যৰ বাবে আমেৰিকাৰ ওচৰত কৃতজ্ঞ৷ মই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰতো কৃতজ্ঞ৷ মাৰ্কিন কংগ্ৰেছ আৰু আমেৰিকাৰ নাগৰিকৰ ওচৰতো কৃতজ্ঞ৷ ইউক্ৰেইনৰ জনগণে সদায় এই সহায় মনত ৰাখিব৷’ তেওঁ পুনৰ কয়– ‘আমি খনিজ চুক্তি সম্পন্ন কৰিবলৈ প্ৰস্তুত৷ সেয়া আমাৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰথম পদক্ষেপ৷ কিন্তু সেয়াই যথেষ্ট নহয়৷ অৰ্থাৎ যুদ্ধবিৰতিৰ লগতে আমি দেশৰ নিৰাপত্তাৰো নিশ্চয়তা বিচাৰোঁ৷’ অৱশ্যে এই সংকটৰ সময়ত ইউৰোপৰ গৰিষ্ঠসংখ্যক মিত্ৰ দেশে জেলেনস্কিৰ প্ৰতি সমৰ্থন অটুত ৰাখিছে৷ ইপিনে এই জটিল পৰিস্থিতিৰ মাজতে ভ্‌লাডিমিৰ পুটিনে আমেৰিকাৰ সৈতে খনিজ চুক্তি সম্পাদন কৰাৰ ইংগিত দিয়াত সামগ্ৰিক কূটনীতিৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা উদ্ৰেক হৈছে৷