ভাৰতৰ মাৰ্কিন সাহায্যপ্ৰাপ্ত তিনিখন হাস্পতালত ওলমিল তলা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ মাৰ্চঃ ট্ৰেন্সজেণ্ডাৰৰ প্ৰতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ স্থিতি আৰু মাৰ্কিন সাহায্য বন্ধৰ ফলত ভাৰতৰ তিনিখন ক্লিনিক বন্ধ হৈ গৈছে৷ ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ চিকিৎসা কৰা এই তিনিওখন ক্লিনিক হায়দৰাবাদত অৱস্থিত৷ দ্বিতীয় কাৰ্যকাল আৰম্ভ কৰিয়েই ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশলৈ পূৰ্বে প্ৰেৰণ কৰা মাৰ্কিন আৰ্থিক সাহায্যৰ সিংহভাগ বন্ধ কৰিছিল৷ ভাৰতলৈ পঠোৱা মাৰ্কিন সাহায্যৰ ক্ষেত্ৰতো ট্ৰাম্পে অনুৰূপ স্থিতি গ্ৰহণ কৰিছিল৷ ইয়াৰ ফলতে হায়দৰাবাদৰ তিনিখন ক্লিনিক সম্প্ৰতি বন্ধ হৈ পৰিছে৷
কোৱা হৈছে, ইয়াৰ প্ৰতিখন ক্লিনিক পৰিচালনাৰ বাবে বছৰি ৩০ লাখ টকা ব্যয় হৈছিল আৰু এই ক্লিনিক মাৰ্কিন অৰ্থ সাহায্যতে চলি আছিল৷ মাৰ্কিন সাহায্য বন্ধ হোৱাত উপায়হীন হৈ কতৃৰ্পক্ষই তিনিওখন ক্লিনিক বন্ধ কৰি দিবলৈ বাধ্য হৈছে৷






