Logo
image

নিৰ্বাচনত ক’ভিড-১৯

এবছৰৰো অধিক কাল ক’ভিড অতিমাৰীৰ প্ৰকোপৰ মাজত কটোৱাৰ পাছত সকলোৰে বাবে ই এক সাঁথৰসদৃশ হৈ পৰিছে৷ যোৱা বছৰ এনে সময়তে মানুহ আতংকিত হৈছিল৷ লকডাউনে জীৱনৰ সাধাৰণ গতি স্তব্ধপ্ৰায় কৰি দিছিল৷ সকলো শ্ৰেণীৰ কৰ্মক্ষেত্ৰ, সকলো শ্ৰেণীৰ মানুহকে ক’ভিডে স্পৰ্শ কৰি গ’ল৷ অথচ, কোনো ৰাজ্যতেই [যিবোৰত হ’বলগীয়া আছিল] নিৰ্বাচন নোহোৱাকৈ নাথাকিল৷ শেহতীয়াকৈ, যি চাৰিখন ৰাজ্যৰ নিৰ্বাচনী কাম-কাজ চলিল, তাত ক’ভিডৰ নাম-গোন্ধেই নোহোৱা হ’ল৷ অসমত শাসকীয় দলকেই আদি কৰি কোনো এটা দলেই ক’ভিডক কেৰেপকে নকৰিলে৷ গাঁৱে-ভূঞে, চহৰে-নগৰে বিশাল সমদলৰ আয়োজন হ’ল৷ সামাজিক দূৰত্ব বজাই ৰখাৰ ক’ভিড প্ৰট’কল পাহৰি কোনে কিমান বৃহৎ জনসমাৱেশৰ আয়োজন কৰিব পাৰিলে, তাৰ প্ৰতিযোগিতা দেখুৱালে৷ মাস্ক পৰিধান নকৰি, সামাজিক দূৰত্ব বজাই নাৰাখি ইখনৰ পাছত সিখন জনসভাত ভাষণ দি স্বয়ং স্বাস্থ্যমন্ত্ৰীজনেই ক’ভিডৰ বৰ্তমানতো ক’ভিড প্ৰট’কল নমনাৰ বাবে নিজৰ লগতে সমৱেত ৰাইজকো আশ্বাসৰ কৱচ পিন্ধালে৷ বিগত বৰ্ষত এই একেজন মন্ত্ৰীৰ কথাৰ ওপৰত ভৰসা কৰিয়েই ৰাইজে ক’ভিডৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল৷ এতিয়া সেই একেজন ব্যক্তিক অবিশ্বাস কৰাৰ প্ৰশ্নই নুঠে৷ ভোটদানৰ দিনাখন আকৌ একেজন মন্ত্ৰীয়েই মাস্ক পৰিধান কৰি কেমেৰাৰ মুখামুখি হ’ল৷ পাৰ্টী, প্ৰাৰ্থী, মন্ত্ৰী-বিধায়কৰতো কথা বাদেই, খোদ প্ৰশাসনেও নিৰ্বাচনৰ নামত ক’ভিডক পাট্টাই নিদিলে৷ কামৰূপ মেট্ৰ’ৰ নিৰ্বাচনী ব্যৱস্থাপনাৰ কথাকেই আঙুলিয়াব পাৰি৷ ইভিএম, বেলট বক্স জমা দিয়াৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যি জনসমুদ্ৰৰ সৃষ্টি হ’ল, তাত উপস্থিত থকাসকলে আজীৱন সেই কথা নাপাহৰে৷ হাতে-কাষে বেলটৰ বোজা কঢ়িওৱা হাজাৰ হাজাৰ পুৰুষ-মহিলাই ওৰে ৰাতি তাত নিৰ্বাচনী প্ৰক্ৰিয়াৰ যাৱতীয় কাৰ্যসমূহ সম্পন্ন কৰিব লগা হ’ল৷ ভিৰ ইমানেই বেছি যে খোজ নাকাঢ়িলেও মানুহেই মানুহক ঠেলি লৈ যায়৷ তেনে পৰিস্থিতিত সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰশাসনীয় বাধা-নিষেধ সম্পূৰ্ণৰূপে অৰ্থশূন্য হৈ পৰে৷ মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰা প্ৰশাসন সিদিনা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিজেই নিজৰ ৰোষত দণ্ডিত হোৱা উচিত আছিল৷ প্ৰাপ্ত তথ্য অনুসৰি সিদিনা সেই ভিৰৰ মাজত কেইবাগৰাকী মহিলা কৰ্মী আঘাতপ্ৰাপ্ত হৈছিল৷ কামৰূপ মেট্ৰ’ প্ৰশাসনৰ এই অপৰিকল্পিত তথা বেপৰোৱা মনোভাবাপন্ন কাৰ্যৰ বাবে কাৰোবাক জবাবদিহি কৰা হ’বনে? মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী ইত্যাদি  ৰাজ্যত ক্ৰমবৰ্ধমান ক’ভিড পজিটিভৰ খবৰ বিস্তাৰিতভাৱে প্ৰচাৰিত হৈ থকাৰ পাছতো কিদৰে কামৰূপ প্ৰশাসন নিৰ্বিকাৰ হৈ থাকিব পাৰিলে! ক’ভিড এনে এটা বিষয় নেকি যে নিৰ্বাচনী কাম-কাজ চলি থকা এলেকাত তাৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰি থ’ব পৰা যায়! সম্প্ৰতি মহাৰাষ্ট্ৰৰ বৰ্ধিত ক’ভিড পজিটিভৰ পৰিসংখ্যালৈ চাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰখনক ক’ভিড নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে দোষাৰোপ কৰিছে৷ অসমত নিৰ্বাচনৰ নামত যিটো ৰূপত ক’ভিড নীতি-নিয়মসমূহক জলাঞ্জলি দিয়া হ’ল, যদিহে অসমত ই পুনৰ সংক্ৰমিত ৰূপত ধৰা দিয়ে, তাৰ বাবে ৰাজ্য চৰকাৰ, স্বাস্থ্যমন্ত্ৰী তথা প্ৰশাসনক দায়বদ্ধ কৰা হ’বনে? আকৌ, চৰকাৰ প্ৰশাসনে যেনিবা নিজৰ দোষ কান্ধ পাতি ল’লেই, তাৰ দ্বাৰা সংক্ৰমিত ৰোগৰ গতিবেগক নিয়ন্ত্ৰণ কৰিব পৰা যাবনে? আন কাম-কথাৰ দৰে ‘ভাইৰাছ’কো যদি ৰাজনীতিৰ আঙুলিৰ নিৰ্দেশত ‘উঠ-বহ’ কৰাবলৈ প্ৰয়াস কৰা হয়, জনসাধাৰণৰ স্বাস্থ্যৰ তেতিয়া কোনো নিৰাপত্তা-সুৰক্ষা নাথাকে৷ আমি সেইটো দিশতেই আগবঢ়া নাইনে?