Logo
image

সমগ্ৰ ব্ৰিটেইনেই ইউক্ৰেইনৰ সৈতে আছে ! জেলেনস্কিক প্ৰতিশ্ৰুতি ষ্টাৰ্মাৰৰ

লণ্ডন, ২ মাৰ্চঃ  আমেৰিকা আৰু ইউক্ৰেইনৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে বেয়াৰ দিশে গতি কৰিছে৷ আমেৰিকাই ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ আৰু ৰাছিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ কাম-কাজ আৰম্ভ কৰাৰ পাছৰে পৰাই ইউক্ৰেইন আৰু ইউৰোপৰ দেশবোৰ ক্ষুব্ধ হৈ আছে৷ তাৰ মাজতে শুকুৰবাৰে হোৱাইট হাউছৰ অ’ভেল কাৰ্যালয়ত আমেৰিকাৰ ৰাষ্ট˜পতি ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি ভেন্সৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আলোচনাত মিলিত হোৱাৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা তীব্ৰ বাক্‌-যুদ্ধই বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷ আনকি আমেৰিকাৰ পৰা অধোমুখে, অনাহাৰে ব্ৰিটেইনলৈ জেলেনস্কি গুচি আহে বুলিও বাতৰিত প্ৰকাশ৷


আমেৰিকাৰ পৰা নিৰাশ মনেৰে উভতি অহা জেলেনস্কিয়ে কিন্তু ব্ৰিটেইনত পায় উষ্ম আদৰণি৷ শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰে ১০ ডাউনিং ষ্ট্ৰীটৰ বাহিৰত জেলেনস্কিক আলিংগন কৰি আদৰে আৰু সমগ্ৰ ব্ৰিটেইনেই ইউক্ৰেইনৰ সৈতে আছে বুলি ঘোষণা কৰে৷ ইয়াৰ দ্বাৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে ৰাজহুৱাকৈ স্থিতি গ্ৰহণ কৰে৷ শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে ইউক্ৰেইনলৈ ২.৪ বিলিয়ন পাউণ্ড [ভাৰতীয় টকাৰে ২,৪৮,৬৩,৮৬,৪৬,০০০ টকা] ঋণ প্ৰদান কৰাৰ কথাও ঘোষণা কৰে৷ এই ধনেৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা  শক্তি আৰু অধিক মজবুত হ’ব৷ ঋণৰ প্ৰথম কিস্তিৰ ধন অহা সপ্তাহত লাভ কৰিব ইউক্ৰেইনে৷ ব্ৰিটেইনৰ এই ঘোষণা আৰু সহায়ে ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাত সহায় কৰিব৷ ইয়াৰ বিপৰীতে আমেৰিকা আৰু ইউৰোপীয় দেশবোৰৰ মাজত সংঘাত আৰু অধিক বৃদ্ধি পোৱাটো খাটাং৷ ব্ৰিটেইনৰ এই সমৰ্থনৰ পাছতে জেলেনস্কিৰ মুখত হাঁহি বিৰিঙি উঠে আৰু তেওঁ ব্ৰিটেইনক অশেষ ধন্যবাদ জনায়৷