Logo
image

ভূপালত ‘আপ’ৰ কাৰ্যালয়ত মালিকে লগালে তলা

ভূপাল, ২ মাৰ্চঃ  মধ্য প্ৰদেশৰ ভূপালত থকা আম আদমী পাৰ্টীৰ কাৰ্যালয়ত তলা ওলমাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ আম আদমী পাৰ্টীয়ে বিগত তিনি মাহে মালিকক দিয়া নাছিল ভাৰা৷ গতিকে ক্ষুব্ধ হৈ মালিকে দলটোৰ কাৰ্যালয়ত তলা লগাই দিয়ে৷ মালিকে ভাৰা বিচাৰি কেইবাবাৰো  মধ্য প্ৰদেশ আম আদমী পাৰ্টীৰ সৈতে যোগাযোগ কৰিছিল আৰু ভাৰা দিবলৈ নিৰ্দিষ্ট সময় বান্ধি দিছিল৷ কিন্তু দলটোৱে ভাৰা দিয়াৰ পৰা বিৰত থকাত ক্ষুব্ধ হৈ মালিকে তলা লগাই দিয়ে৷


এই ঘটনাৰ পাছতে মধ্য প্ৰদেশ আম আদমী পাৰ্টীৰ যুটীয়া সাধাৰণ সম্পাদক ৰমাকান্ত পেটেলে পিটিআইৰ সৈতে টেলিফোনিক বাৰ্তালাপত কয় যে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পুঁজি নাই৷ কাৰণ তেওঁলোকে সম্পূৰ্ণ নিকাভাৱে কাম কৰি আহিছে৷ লাহে লাহে দলটোৰ প্ৰদেশৰ কমিটীৰ আৰ্থিক স্থিতি উন্ন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ তেওঁৰ মতে দলৰ কাৰ্যকৰ্তাৰ আৰ্থিক স্থিতিও ভাল নহয়৷ মধ্য প্ৰদেশ আম আদমী পাৰ্টীৰ সভানেত্ৰী ৰীণা আগৰৱালাই প্ৰকাশ কৰা অনুসৰি প্ৰদেশ কাৰ্যালয়ত তলা ওলমাৰ কথাটো তেওঁ গম পোৱা নাছিল৷ দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত এতিয়া মধ্য প্ৰদেশত এনে ঘটনা সংঘটিত হোৱাটো দলটোৰ বাবে বেয়া খবৰ৷