Logo
image

৪জন ডিএছপিসহ ২৫জন আৰক্ষী বিষয়া-চিপাহী নিলম্বিত

চণ্ডীগড়, ২ মাৰ্চঃ  হাৰিয়ানাত চলি থকা ব’ৰ্ড পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টোক মুখ্যমন্ত্ৰী নায়েব সিং ছৈনীয়ে অতিশয় গম্ভীৰ হিচাপে লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে৷ এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ চাৰিজন আৰু ব্যক্তিগত বিদ্যালয়ৰ এজন নিৰীক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ দিয়ে৷ লগতে চ্ছ্ৰজন ডিএছপি, ২৫জন আৰক্ষী বিষয়া-চিপাহীক নিলম্বিত কৰা হয়৷ মুখ্যমন্ত্ৰী নায়েব সিঙে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ চৰকাৰে বিষয়টো অতিশয় গম্ভীৰভাৱে গ্ৰহণ কৰে আৰু ইয়াৰ সৈতে জড়িত থকা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে৷


গোচৰৰ সন্মুখীন হোৱা চৰকাৰী বিদ্যালয়ৰ চাৰিজন পৰীক্ষা নিৰীক্ষক হৈছে, তেওঁলোক হৈছে গোপাল দত্ত, ছৌকত আলী, ৰকিমুদ্দিন, প্ৰীতি ৰাণী৷ দুটা পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক সঞ্জীৱ কুমাৰ আৰু সত্যনাৰায়ণকো নিলম্বন কৰা হয়৷ লগতে চাৰিজন বাহিৰৰ লোক আৰু আঠজন শিক্ষাৰ্থীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হয়৷ প্ৰাথমিক তদন্তত ২৫জন আৰক্ষী বিষয়া-চিপাহী ইয়াৰ সৈতে জড়িত থকা বুলি জানিব পৰা যায়৷ তেওঁলোকৰ ভিতৰত চাৰিজন ডিএছপি আৰু তিনিজন আইচিও আছে৷ তেওঁলোকৰ অধীনৰ এলেকাত এই ঘটনা সংঘটিত হোৱা বাবেই তেওঁলোকক তৎকালে নিলম্বিত কৰা হয়৷ উল্লেখ্য, বৃহস্পতিবাৰে নুহত দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ প্ৰশ্নকাকত আৰু শুকুৰবাৰে দশম শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছিল৷ নকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে দুদিনত দুখনকৈ প্ৰশ্নকাকত ফাদিল হৈ যায়৷