
মিণ্টুৰ কুঁহিয়াৰৰ খেতিত আশাৰ ৰেঙণি
'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ কৃষিক্ষেত্ৰৰ প্ৰতি শিক্ষিত যুৱচামৰ আগ্ৰহে স্বাভাৱিকতে সমাজত আশাৰ উন্মেষ ঘটাইছে। মূলতঃ কৰ্মোদ্যমক মূলধন হিচাপে লৈ পথাৰ আৰু বজাৰ দখল কৰি আত্মনিৰ্ভৰশীল হোৱাৰ সংকল্পৰে নামিছে খেতি পথাৰত। ধৈৰ্য, শ্ৰমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি কুঁহিয়াৰৰ খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াইছে দৰঙৰ মিণ্টু ৰাজবংশীয়ে। জিলাখনৰ আন্ধেৰীঘাট মাহতলীৰ শিক্ষিত যুৱকজনে আৰম্ভ কৰিছে কুঁহিয়াৰৰ খেতি। সমান্তৰালভাৱে মৎস্য পালনত গুৰুত্ব আৰোপ কৰিছে যুৱকজনে। কুঁহিয়াৰৰ খেতিক অগ্ৰাধিকাৰ দি সমন্বিত আদৰ্শ কৃষি পাম গঢ়াৰ সপোন মিণ্টুৰ।
প্ৰায় দুই বিঘা মাটিত প্ৰথমবাৰৰ বাবে ৰোপণ কৰিছে কুঁহিয়াৰ। ইতিমধ্যে লহ-পহকৈ বাঢ়ি আহিছে কুঁহিয়াৰৰ খেতি। অঞ্চলটোত কুঁহিয়াৰৰ খেতি একপ্ৰকাৰ নোহোৱা হৈ পৰিছে। এনে সময়ত কুঁহিয়াৰৰ খেতিৰে অৰ্থ উপাৰ্জনৰ কথা মন মগজুত লৈ নিমজ্জিত হৈছে খেতিত। একেদৰে সম পৰিমাণৰ ভূমিত পুখুৰী খান্দি মৎস্য পালন কৰিছে। বিগত বৰ্ষত যথেষ্ট পৰিমাণৰ শাক-পাচলি উৎপাদন কৰি লাভান্বিত হৈছিল। কুঁহিয়াৰ বিক্ৰী কৰি বছৰত তিনি/চাৰি লাখ টকা উপাৰ্জনৰ লক্ষ্য বান্ধি লৈছে যুৱকজনে। কৃষি কৰ্মৰে স্ব-নিয়োজনৰ সপোন ৰচা মিণ্টু ৰাজবংশীয়ে কিন্তু এতিয়ালৈ লাভ কৰা নাই কৃষি বিভাগৰ সহযোগিতা। আনকি মিণ্টুৰ দৰে উদ্যমী কৃষকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সুবিধা।