
ছট্টিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ৩ মাৰ্চঃ অসমত অতিশীঘ্ৰে নিৰ্মাণ হ'ব ছট্টিশগড় ভৱন আৰু ছট্টিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন। এই ঘোষণা ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ। সোমবাৰে মহানগৰীৰ ছাত্ৰীবাৰীস্থীত বাসভৱনত ছত্তীশগড়ৰৰ ৰাজ্যপাল ৰমেন ডেকাই সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। সংবাদমেল সম্বোধন কৰি ৰাজ্যপাল ৰমনে ডেকাই কয়, 'ছট্টিশগড়ৰ ৰবিশংকৰ শুক্লাৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ'ব শংকৰদেৱৰ আসন। ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ধাৰ্য কৰা হৈছে ২ কোটি টকা। লগতে গুৱাহাটী উজান বজাৰৰ মহিলা ভাওনা দলক ছট্টিশগড়ত ভাওনা প্ৰদৰ্শন কৰিবলৈ নিয়া হ'ব। ছট্টিশগড় আৰু অসমৰ এটা সু-সম্পৰ্ক ব্ৰিটিছৰ দিনৰ পৰাই আছে। কিছুদিন পূৰ্বে অসম ছাত্ৰ সন্মিলনৰ এখন সভাত ঐতিহাসিক সংস্কৃতিক ৰক্ষা কৰিবলৈ মই তেওঁলোকক ৰাজভৱনৰ পৰা ২ লাখ টকা দিছিলোঁ। ছট্টিশগড়ত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত সংৰক্ষণ হ'ব আসন। ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য কৰা হৈছে। ৰাজ্য ভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ গৱেষণা কৰিব পাৰিব শিক্ষাৰ্থীয়ে।'
তেওঁ লগতে কয়, '৫০ বছৰ পূৰ্বে যেতিয়া পাঞ্জাৱৰ ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰী আছিল তেতিয়া পাঞ্জাৱত এখন শংকৰদেৱৰ আসন দিছিল আৰু আজি প্ৰায় ৫০ বছৰ পাছত এখন বিশ্ববিদ্যালয়ে নতুন যেতিয়া শিক্ষাবৰ্ষ আৰম্ভ হ'ব তেতিয়া সেই আসনখন প্ৰতিষ্ঠা কৰা হ'ব। গতিকে আজি এজন অসম সন্তান হিচাপে মহাপুৰুষ শংকৰদেৱৰ এই সৃষ্টিৰাজি প্ৰচাৰৰ বাবে অংশীদাৰ হ'বলৈ পাই মই গৌৰৱবোধ কৰিছোঁ।' তদুপৰি গুৱাহাটী উজান বজাৰৰ মহিলা ভাওনা দলক ছট্টিশগড়ত ভাওনা প্ৰদৰ্শন কৰিবলৈ নিব ৰাজ্যপালজনে। এই সন্দৰ্ভত তেওঁ কয়, 'শনিবাৰে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখন সভাত মই উজান বজাৰৰ যি মহিলা ভাওনা দল আছে, সেই দলটো মই ছট্ৰিশগড়ত ভাওনা প্ৰদৰ্শনলৈ লৈ যাম বুলি কৈছিলো। ছট্টিশগড়ত অসমৰ ভাওনা প্ৰদৰ্শিত হ'ব। লগতে আমি ছট্টিশগড়ৰ সাংস্কৃতিক দল অসমলৈ আনিম। এই সন্দৰ্ভত ইতিমধ্যে মই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ লগতে অসমত এটা ছট্টিশগড় ভৱন নিৰ্মাণৰ বাবে অনুৰোধ জনাইছোঁ। অসমত ছট্টিশগড় ভৱনৰ বাবে মুখ্যমন্ত্ৰীক ভূমি দিয়াৰ আহ্বান জনাইছোঁ। তেতিয়া অসম আৰু ছট্টিশগড়ৰ একতা বৃদ্ধি পাব। অসমৰ কলা-কৃষ্টি ছট্টিশগড়ে দেখিব আৰু ছট্টিশগড়ৰ কলা-কৃষ্টি অসমে দেখিব।'