Logo
image

নৱম ইণ্ডিয়ান ৱৰ্ল্ড ফেষ্টিভেলৰ বাবে মনোনীত হৈছে 'গমন, 'দ‍্যা লাষ্ট জাৰ্ণি'

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ৩ মাৰ্চঃ অসমীয়া চিনেমা প্ৰেমীৰ বাবে এটি সু-খবৰ। প্ৰখ্যাত পৰিচালক চন্দ্ৰ মুদৈ পৰিচালনাত নিৰ্মিত 'গমন, 'দ্য লাষ্ট জাৰ্নি' নামৰ অসমীয়া ছবিখনে হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া 'নৱম ইণ্ডিয়ান ৱৰ্ল্ড চলচ্চিত্ৰ মহোৎসৱ'ৰ বাবে মনোনীত হৈছে। ইয়াৰ পূৰ্বে চলচ্চিত্ৰখনে লচ এঞ্জেলচ্ ৰ ছেভেন কন্টিনেণ্টেল এবাৰ্ডৰ শ্ৰেষ্ঠ ছবি শিতনতো বাচনি ভুক্ত হৈছে। ১৪ মাৰ্চত অসমৰ বিভিন্ন ছবি গৃহত মুক্তি লাভ কৰিবলগীয়া 'গমন, 'দ্য লাষ্ট জাৰ্নি' নামৰ  ছবিখনৰ বাবে নিশ্চয় এক আনন্দৰ খবৰ। 


উল্লেখ‍্য যে বি.কে. ফিল্মচৰ বেনাৰত নির্মিত হোৱা ছবিখনৰ প্রয়োজক দ্বয় হ'ল  যতীন খনিকৰ আৰু বিপুল কলিতা। এই ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে অমৃতা গগৈ, যতীন খনিকৰ আৰু দিব্য জ্যোতি দামে। তাৰোপৰি ছবিখনৰ বিভিন্ন চৰিত্রত অভিনয় কৰা অভিনেতা অভিনেত্রী সকল হ'ল অসীম কৃষ্ণ বৰুৱা, অমূল্য কুমাৰ, চাজু আহমেদ আৰু শিশু শিল্পী সাক্ষীৎ ওম শর্মা আদিয়ে। মুখ্য সহকাৰী পৰিচালক আৰু সহকাৰী পৰিচালনাৰ দায়িত্বত আছে মণীষ দাস আৰু অনুশীলা সাউকে। ৰূপসজ্জা- গৌত চৌধুৰীৰ,  চিত্রগ্রহণ কৰিছে নৱ কুমাৰ দাসে।