Logo
image

আজিৰ পৰা নিযুক্তি পৰীক্ষাৰ ফলাফল

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩ মাৰ্চঃ  অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰ ইৰ অধীনত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ পদ সমূহৰ বাবে হৈ যোৱা লিখিত পৰীক্ষা সমূহৰ ফলাফল ৪মাৰ্চৰ পৰা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি অসম আৰক্ষীৰ চালক পদৰ পৰীক্ষাৰ ফলাফল চ্ছ্ৰ মাৰ্চত, উপ-পৰিদৰ্শক পদৰ ফলাফল ৬ মাৰ্চত, কনিষ্টবল পদৰ ১২ মাৰ্চত আৰু অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ানৰ কনিষ্টবল পদৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব৷ ইয়াৰ উপৰি একেটা ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে এ ডি আৰ ইৰ অধীনত অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ফলাফল সমূহ জ্জ মাৰ্চত ঘোষণা কৰা হ’ব বুলি সদৰি কৰিছে৷


উল্লেখ্য এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা যোৱা বছৰৰ ১৫ ছেপ্টেম্বৰ আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা ২৭ অক্টোবৰত ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছিল৷ আনহাতে অসম আৰক্ষীৰ বিভিন্ন পদৰ লিখিত পৰীক্ষা সমূহ যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল৷ সকলো পৰীক্ষাৰ ফলাফল এছ এল আৰ চিৰ ৱেবচাইটত উপলব্ধ হ’ব৷ উল্লেখ্য যে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পুৱাৰে পৰা পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত ৰাজ্যজুৰি ইণ্টাৰনেট কৰ্তন কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ অৱশ্যে পৰীক্ষাৰ কেবাদিনো পূৰ্বেই মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ আনকি সকলো পদৰ প্ৰাৰ্থীয়েই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাব বুলিও ঘোষণা কৰাৰ লগতে কোনোবাই দুৰ্নীতি বা খেলিমেলি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছিল৷