
ক্ৰিকেটত ৰাজনীতিৰ ‘স্পিন’
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ মাৰ্চঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়ন্ছ ট্ৰফীৰ অতি গুৰুত্বপূৰ্ণ ছেমিফাইনেলৰ পূৰ্বে ৰাজনীতিৰ ‘স্পিন’ত আচম্বিত পাকঘূৰণি খালে ভাৰতীয় ক্ৰিকেটে৷ ক্ৰিকেট যিখন দেশৰ নাগৰিকৰ বাবে ধৰ্মসদৃশ, দলৰ অধিনায়ক য’ত বীৰোচিত নায়ক, সেই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক স্থুলকায় আৰু নেতৃত্ব প্ৰদানৰ বাবে তেনেই প্ৰভাৱহীন বুলি মন্তব্য কৰি এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে দেশৰ ক্ৰিকেটত ৰাজনীতিৰ ধুমুহাৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড॰ শ্বামা মহম্মদৰ এটা মন্তব্যৰ পৰাই ৰাজনীতিৰ ‘স্পিন’ত উত্তাল হৈ পৰিছে দেশৰ ক্ৰিকেট৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সোমবাৰে এক্স হেণ্ডলৰ এটা পোষ্টত ক’লে– ৰোহিত শৰ্মা এজন খেলুৱৈ হিচাপে বেছ স্থুলকায়৷ অধিনায়ক হিচাপেও তেওঁ উপযুক্ত নহয়৷ কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদৰ এই মন্তব্যৰ লগে লগে দেশৰ ক্ৰিকেটত আৰম্ভ হ’ল ৰাজনীতিৰ স্পিনৰ ঘূৰ্ণি৷ সাধাৰণ ক্ৰিকেট অনুৰাগীৰ পৰা দেশৰ ক্ৰিকেটৰ সৰ্বোচ্ছ প্ৰশাসনযন্ত্ৰ বিচিচিআই, ৰাজনৈতিক দল বিজেপিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী সকলোৱেই শ্বামা মহম্মদৰ বক্তব্যৰ বিৰোধিতা কৰিলে আৰু আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণ৷ ঘটনা বেগতিক দেখি কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় মুখপাত্ৰৰ বক্তব্যৰ পৰা নিজকে নিলগাই নিলে৷ দলৰ নেতা পৱন খেড়াই ক’লে– এয়া কংগ্ৰেছ দলৰ দলীয় বক্তব্য বা স্থিতি নহয়৷ সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য৷ ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ অনেক ব্যক্তিগত কীৰ্তিৰ লগতে তেওঁ দেশক বিশ্বকাপো উপহাৰ দিছে৷ বিচিচিআইৰ উপ-সভাপতি তথা কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই ক’লে– ৰোহিত শৰ্মা ‘ফিট’৷ তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াই আছে, দলটোক সফলতাৰে নেতৃত্ব প্ৰদান কৰি আছে৷ তেওঁ এজন মহান ক্ৰিকেটাৰ৷ পৰিস্থিতি প্ৰতিকূল দেখি আৰু ঘৰে-বাহিৰে সমালোচিত হৈ বিতৰ্কিত পোষ্টটো ‘ডিলিট’ কৰিলে শ্বামা মহম্মদে৷
পিছে পোষ্ট ‘ডিলিট’ কৰিলেও আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পৰা ৰক্ষা পোৱা নাই শ্বামা মহম্মদে৷ বিজেপিয়ে কংগ্ৰেছ দলক আক্ৰমণ কৰাৰ উপৰি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যই এই বক্তব্য অতি অপমানজনক বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, শ্বামা মহম্মদৰ পাছত তৃণমূল কংগ্ৰেছৰ বৰ্ষীয়ান সাংসদ সৌগত ৰয়েও কংগ্ৰেছ নেত্ৰীগৰাকীক সমৰ্থন জনাই ৰোহিত শৰ্মা অধিনায়ক আৰু ক্ৰিকেটাৰ হিচাপে অনুপযুক্ত বুলি মন্তব্য কৰিছিল৷ কংগ্ৰেছে এইক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিলেও তৃণমূল কংগ্ৰেছে এতিয়ালৈকে এই প্ৰসংগত কোনো মন্তব্য কৰা নাই৷ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যই শ্বামা মহম্মদ আৰু সৌগত ৰায় দুয়োকে ক্ৰীড়াবিদক লৈ এনে অপমানসূচক মন্তব্য নকৰিবলৈ সকিয়াই দিছে৷ তেওঁ কয়– ‘কংগ্ৰেছ আৰু তৃণমূলে খেলুৱৈসকলৰ প্ৰতি এনে মন্তব্য কৰা অনুচিত৷ শাৰীৰিক অবয়ৱক লৈ কৰা এই মন্তব্য অত্যন্ত আপত্তিকৰ৷ ৰোহিত শৰ্মাই দেশৰ ক্ৰিকেট দলটোক সবল নেতৃত্ব প্ৰদান কৰি আছে৷ সেয়া তেওঁলোকৰ চকুত পৰা নাই নেকি? তেওঁলোকে খেলুৱৈসকলক এৰি দি আন বিষয়ত মনোযোগ দিয়ক৷’