ব্ৰডীলৈ পুনৰ অস্কাৰ মেইকি শ্ৰেষ্ঠ অভিনেত্ৰী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ মাৰ্চঃ জেক অডিয়াৰ্ডৰ স্পেনিছ ভাষাৰ ছবি ‘এমিলিয়া পেৰেজে’ এইবাৰ সৰ্বাধিক মনোনয়ন লাভ কৰি অস্কাৰৰ পূৰ্বে বিশ্ব চলচ্ছিত্ৰত ধুমুহাৰ সৃষ্টি কৰিছিল৷ কিন্তু দেওবাৰে নিশা লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত বাজীমাৎ কৰিলে শ্বঁ বেকাৰ পৰিচালিত ‘আনোৰা’ই৷ অৱশ্যে মুক্তিৰ পাছতে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল ‘আনোৰা’ই৷ ব্ৰুকলিনৰ এগৰাকী কম বয়সীয়া দেহোপজীবিনিক লৈ নিৰ্মাণ কৰা ‘আনোৰা’ই অস্কাৰৰ বিচাৰকৰো আস্থা অৰ্জন কৰিলে৷ ৯৭ সংখ্যক অকাডেমী বঁটাত শ্বঁ বেকাৰৰ ‘আনোৰা’ই লাভ কৰিলে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীসহ মুঠ ৫টা অস্কাৰ৷ আনহাতে ২০০৩ৰ পাছত দ্বিতীয়বাৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিলে এড্ৰিয়েন ব্ৰডীয়ে৷ ‘দ্য ব্ৰুটালিষ্ট’ ছবিত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেতা হ’ল ব্ৰডী৷
২০০৩ চনত তেওঁ ‘দ্য পিয়ানিষ্ট’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিছিল৷ ‘দ্য ব্ৰুটালিষ্ট’ নিৰ্মিত হৈছে দ্বিতীয় মহাসমৰৰ পাছত ইউৰোপৰ পৰা আমেৰিকালৈ ভাগ্যৰ অন্বেষণত যোৱা এক দম্পতীৰ কাহিনীক লৈ৷ এড্ৰিয়েন ব্ৰডীৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰৰ উপৰি ‘দ্য ব্ৰুটালিষ্টে’ শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফিৰ অস্কাৰো লাভ কৰিছে৷ আনহাতে ‘আনোৰা’ত কৰা মৰ্মস্পৰ্শী অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে মেইকি মেডিছনে৷ ২৫ বছৰীয়া মেইকি মেডিছনে কেৰিয়াৰৰ প্ৰথমটো অস্কাৰ অৰ্জনৰ যুঁজত পৰাভূত কৰে হলীউডৰ খ্যাতনামা অভিনেত্ৰী ডেমী মুৰক৷ ‘দ্য ছাবষ্টেন্স’ ছবিত অভিনয়ৰ জৰিয়তে এইবাৰ ডেমী মুৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰৰ ক্ষেত্ৰত অন্যতম ফেভাৰিট আছিল৷ কিন্তু দেহোপজীৱিনিৰ চৰিত্ৰ ৰূপায়ণ কৰা ২৫ বছৰীয়া মেইকি মেডিছনে ডেমী মুৰক পিছ পেলাই কেৰিয়াৰৰ প্ৰথমটো অস্কাৰ অৰ্জন কৰে৷ ‘আনোৰা’ত দেহোপজীৱিনিৰ চৰিত্ৰ ৰূপায়নৰ বাবে মেইকিয়ে যৌনকৰ্মীৰ সৈতে বাস কৰি তেওঁলোকৰ কাম-কাজ শিকাৰ লগতে ৰাছিয়ান ভাষা শিকে আৰু ‘ইৰ’টিক ডান্সাৰ’ৰ ভূমিকা পালনৰ বাবে আয়ত্ত কৰিবলৈ কষ্টসাধ্য প’ল ডান্সো শিকি লয়৷






