
এপিএছচিতকৈও ডাঙৰ ‘হাতী’ ওলাব গৌৰৱৰ বিৰুদ্ধে তদন্ততঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মাৰ্চঃ এ পি এছ চি কেলেংকাৰিতকৈও ডাঙৰ ‘হাতী’ ওলাব গৌৰৱ গগৈৰ তদন্তত৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ এপিএছচি কেলেংকাৰি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত বক্তব্য ৰাখিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাৰ মজিয়াত কয়– ২০১৩ আৰু ২০১৪ চনতে প্ৰথম এ পি এছ চি কেলেংকাৰি হোৱা নাই৷ দুজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এপিএছচি কেলেংকাৰি হৈছে৷ এ পি এছ চি কেলেংকাৰিৰ তদন্ত ভালকৈ কৰিবলৈ হ’লে ২০০৮ চনৰো ফাইল খুলিব লাগিব৷ এ পি এছ চি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াই স্বীকাৰোক্তিত কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিয়াত ৩ লাখ টকাৰ সোণৰ চেইন উপহাৰ দিছে ৰাকেশ পালে৷ এইক্ষেত্ৰত গৌৰৱ গগৈৰ বিৰুদ্ধে আমি জাননী জাৰি কৰিব পাৰোঁনে কংগ্ৰেছে জনাব লাগে৷ কিন্তু কংগ্ৰেছৰ সেই সাহস নাই৷ কিন্তু এইটো তেনেই সৰু অভিযোগ৷ গৌৰৱ গগৈৰ বিৰুদ্ধে ‘হাতী’ ওলাবলৈ গৈ আছে৷ ছয় মাহ পাছত হাতী ওলাই আহি আছে৷ তেতিয়া জানিব কি হৈ আছে৷ মৃগেন শইকীয়াই ইমান ডাঙৰ অভিযোগ এটা কৰাৰ পাছত এটা শব্দও প্ৰকাশ কৰা নাই সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ আৰু কয়–বক্ৰপথেৰে এপিএছচিৰ চাকৰি লাভ কৰা সকলে কোনো কাৰণতে পুনৰ সংস্থাপিত হ’বলৈ নিদিও৷ এইসকলৰ এজনকো ৰেহাই দিয়া নাই, দিয়া নহয়৷ বিপ্লৱ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা এজনেও চাকৰি ঘূৰাই পোৱা নাই৷ অংশুমিতা গগৈ নামৰ এগৰাকী দন্ত চিকিৎসকে দাখিল কৰা আবেদনৰ ভিত্তিত তদন্ত হৈছিল এপিএছচি কেলেংকাৰীৰ৷ সৰ্বানন্দ সোণোৱালে বিচৰা হ’লে তদন্ত তাতেই শেষ হ’লহেঁতেন৷ সৎ সাহস থকা বাবে সৰ্বানন্দ সোণোৱালে তদন্ত প্ৰক্ৰিয়া ইমানখিনিলৈ আগুৱাই লৈ আহিল৷ এপিএছচিৰ গোটেই ব্যৱস্থাটো নিকা কৰাৰ ব্যৱস্থা কৰিম৷ ৰাকেশ পালক বিদায় দিয়াৰ পাছত গোটেই পৰীক্ষা নিকা হৈছে৷ কিন্তু এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক সদস্য নিযুক্তি দিয়াতেই অনিয়ম হৈছিল৷ ৰাকেশ পালৰ নাম আয়োগৰ সদস্যৰূপে কোনেও অনুমোদন দিয়া নাছিল৷ ৰাকেশ পালে ২০০৮ চনৰ ৬ ছেপ্টেম্বৰত এপিএছচিৰ সদস্যৰূপে নিযুক্তি দিবলৈ আবেদন জনাইছিল৷ উক্ত আবেদনপত্ৰত May be Consider বুলি লিখি চহী কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ উক্ত আবেদনৰ ভিত্তিত ৩০ ছেপ্টেম্বৰত ৰাকেশ পালৰ নামত নিযুক্তি পত্ৰ ওলাই হৈছিল৷ পৰৱৰ্তী সময়ত কোনো আবেদন বা অনুমোদন অবিহনে তৰুণ গগৈয়ে ৰাকেশ পালক এপিএছচিৰ অধ্যক্ষ নিযুক্তি দিছিল৷ তৰুণ গগৈয়ে ৰাকেশ পালক এপিএছচিৰ অধ্যক্ষ নিযুক্তি দিয়া বাবে কংগ্ৰেছে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে৷ কংগ্ৰেছে কেতিয়াবা চৰকাৰ গঠন কৰিব পাৰিলেও ভৱিষ্যতে এনে নকৰো বুলি প্ৰতিশ্ৰুতি দিব লাগে৷ কংগ্ৰেছৰ শাসনকালত হাজাৰজনৰ সপোন ধবংস কৰিবলৈ অনুজ্ঞাপত্ৰ দিয়া হ’ল৷ বিপ্লৱ শৰ্মা আয়োগে কেইজনমান অভিযুক্তৰ ক্ষেত্ৰত কৈছে যে দুৰ্নীতিৰ আশ্ৰয় নোলোৱাকৈও তেওঁলোকে চাকৰি পালেহেঁতেন৷ চৰকাৰে যদি এটাও নিৰ্দোষীক শাস্তি দিয়াৰ পদক্ষেপ লয় তেনেহ’লে গোটেই দোষী বাচি যাব৷ দুৰ্নীতিৰ আশ্ৰয় লৈ চাকৰি লাভ কৰাসকলে যাতে চাকৰি কোনো কাৰণতে ঘূৰাই নাপায় তাৰ বাবে আইনী যুঁজ চলাবলৈ চৰকাৰ সাজু৷ প্ৰয়োজনত চৰকাৰে উচ্ছতম ন্যায়ালয়লৈ যাব৷ তেওঁ আৰু কয়–প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম অহা বাবে আমি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাছিল৷ কিন্তু বিৰোধী দলপতিয়ে বাৰম্বাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনোৱা বাবে প্ৰতিবেদন ৰাজহুৱা কৰিলো৷ প্ৰতিবেদন ৰাজহুৱা কৰাত বিলম্ব হোৱাৰ কাৰণে যদি মই দোষী, দোষী৷ এপিএছচি কেলেংকাৰীৰ প্ৰকৃত দোষীক শাস্তি প্ৰদানৰ বাবে কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকা এক লগ হ’ব লাগিব৷ প্ৰয়োজন ইয়াৰ বাবে আলোচনা কৰিব লাগিব৷
গৌৰৱৰ ‘উপহাৰ’ৰ তদন্ত আয়কৰক দিয়া হৈছে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ সাংসদ গৌৰৱ গগৈৰ বিয়াৰ ‘উপহাৰ’ সন্দৰ্ভত হ’ব তদন্ত৷ ইতিমধ্যে উক্ত উপহাৰৰ তদন্ত কৰিবলৈ আয়কৰ বিভাগক দিয়া হৈছে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত বিধায়ক মানৱ ডেকাই উত্থাপন কৰা বিষয় সন্দৰ্ভত উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘এপিএছচি কেলেংকাৰিৰ অভিযুক্ত মৃগেন শইকীয়াই স্বীকাৰোক্তিত কৈছে যে গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে ৩ লাখ টকীয়া সোণৰ চেইন উপহাৰ দিছিল৷ এনেধৰণে উপহাৰ দিয়া বা লোৱাটো আয়কৰ বিভাগৰ নীতি-নিয়মৰ ভিতৰত পৰে নে নাই চাব দিছোঁ৷ প্ৰদেশ কংগ্ৰেছৰ নেতাই ইতিমধ্যে প্ৰকাশ কৰিছে যে বিয়াত উপহাৰ দিয়াৰ বিষয়ে উপহাৰ লওতাই নাজানে৷ যদি সেয়াই হয় তেতিয়াহ’লে দুৰ্নীতি কৰাৰ এইটোতো ‘ভাল’ উপায়৷ কংগ্ৰেছে বিষয়াসকলকো দুৰ্নীতি কৰিবলৈহে শিকায়৷ দেশৰ এটা পৰিয়ালে যিদৰে ভাবে যে are above law অসমৰ এজন সাংসদেও ভাবে are above law৷ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পাছত সেই অভিযোগ ভুল বুলি তথ্য দিয়া নাই৷ দেওবাৰে ছ’চিয়েল মিডিয়াযোগে কৈছোঁ যে সোমবাৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা হ’ব৷ তাৰ পাছতো কংগ্ৰেছৰ কোনো সদস্যৰ জৰিয়তেও এই সন্দৰ্ভত স্পষ্টীকৰণ অহা নাই যে সেই অভিযোগ অসত্য৷