Logo
image

আপুনি নিজৰ চাৰ্জশ্বীট লুকুৱাই দিছিল ! অখিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মাৰ্চঃ  বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সোমবাৰে বিধানসভাৰ মজিয়াত কাৰ্যতঃ সমুখ সমৰত লিপ্ত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ৷ আনহাতে মুখ্যমন্ত্ৰী শৰ্মা আৰু বিধায়ক অখিল গগৈৰ সদনৰ বাহিৰত দেখা যায় বিপৰীত ছবি৷ সোমবাৰে বিধানসভাত এ পি এছ চি কেলেংকাৰিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বাৰম্বাৰ দোষী সজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক   উভতি ধৰিছিল বিধায়ক অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই কয়– দুৰ্নীতি কেনেকৈ আৰু ক’ত কৰিব পাৰি সেয়া শিকাই দিয়ে কংগ্ৰেছে৷ আৰু কংগ্ৰেছক ন্যায্যতা দিব বিচাৰে অখিল গগৈয়ে৷ মই আদালত, ন্যায়াধীশৰ বিৰুদ্ধেও সাহসেৰে ক’ব পাৰোঁ৷ কাৰণ মোৰ জামিন ল’বলগীয়া ক’তো নাই৷ লগে লগে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰি কয়– আপোনাৰ গোচৰ ক’ত থাকিব? আপুনি নিজৰ চাৰ্জশ্বীটে নোহোৱা কৰি পেলায়৷ আপোনাৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীট লুকুৱাই দিছিল৷ আপুনি বেলেগ ‘বস্তু’৷ বিধায়ক অখিল গগৈক লগে লগে উভতি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– মইতো বেলেগ ‘বস্তু’ হয়েই৷ মই নাথাকিলে আপুনি অসম ধবংস কৰিলে হয়, মই নহ’লে অসমখন অখিল গগৈয়ে শেষ কৰি দিলেহেঁতেন৷ মই বুলিহে আপোনাক ৰখালোঁ৷ নহ’লে আপুনি আন এডিটেড, লাইভ আদি কৰি অসমখনক কমিউনিষ্টৰ ফালে লৈ গ’লহেঁতেন৷ আপুনি মোক অদ্ভূট বস্তু বুলি ক’বই লাগিব৷ যদি মই নাথাকিলোঁহেঁতেন ইয়াততো [মুখ্যমন্ত্ৰীৰ আসনখন দেখুৱাই] আপুনি থাকিলেহেঁতেন৷


আপুনি যিধৰণে অসমখনক লৈ গৈছিল ময়েইতো ৰখাই দিলোঁ৷ আপোনাৰ কাৰণে মই সদায় বেলেগ বস্তু৷ আপুনিটো মোৰ বাহিৰে সকলোকে ভয় খুৱাই থাকে৷ মইহে আপোনাৰ বাঁওপন্থী-লেনিনপন্থী বিপ্লৱক ৰখাই দিলোঁ৷ আপোনাৰ নেতৃত্বত অসমত নৈৰাজ্যবাদৰ সূচনা হৈছিল৷ এনে বিভিন্ন বাক-বিতণ্ডাৰ মাজত সামৰণি পৰে বিধানসভাৰ সোমবাৰৰ কাৰ্যসূচী৷ তাৰ পাছতেই বিধানসভাৰ চৌহদত দেখা গ’ল এখন সম্পূৰ্ণ বিপৰীত ছবি৷ কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাকযুদ্ধত লিপ্ত হৈ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী যোৱা বাটত ৰৈ থাকে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ গাড়ী তেওঁৰ ওচৰ পোৱাৰ লগে লগে তেওঁ মুখ্যমন্ত্ৰী শৰ্মাৰ কাষলৈ যায় আৰু দুয়ো হাঁহি হাঁহি কিছু সময় ধৰি বাৰ্তালাপ কৰে৷ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট আপলোড কৰে বিধায়ক অখিল গগৈয়ে৷ পোষ্টটোত তেওঁ কয়– ৰাজনৈতিক সৌজন্য৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গাড়ীৰ পৰা নামি আহি মাত দিলে৷ মাত্ৰ ২০ মিনিট মানৰ আগতে সদনৰ মজিয়াত উত্তপ্ত বাক-বিতণ্ডা হৈছিল আমাৰ দুয়োজনৰ মাজত৷ বাক-বিতণ্ডা মানে চূড়ান্ত পৰ্যায়ত৷ তাৰ পাছতে সদনৰ পৰা ওলাই আহোঁতেই ঘটিল ঘটনাটো৷ মই খোজ কাঢ়ি সদনৰ পৰা ওলাই আহিছো৷ মোক আগভেটি ধৰি পুলিচে ৰখাই দিলে৷ মুখ্যমন্ত্ৰী আহি আছে৷ ময়ো ৰাস্তাৰ কাষলৈ আঁতৰি দিলো৷ ক্ষন্তেক পাছতে গাড়ী আহি মোৰ ওচৰ পালেহি৷ মই মুখ্যমন্ত্ৰীয়ে নেদেখাকৈ আঁতৰি দিছোঁ৷ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাড়ীখন ৰৈ গ’ল৷ মুখ্যমন্ত্ৰী নামি আহি কৰমৰ্দন কৰিলে৷ হাঁহি হাঁহি সুধিলে, ভালে আছা? মোৰ সমষ্টিৰ কিবা কাম তেওঁ কৰি দিবলগীয়া আছে নেকি সুধিলে৷ মই ক’লোঁ, শিৱসাগৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ফাইলটো আপোনাৰ টেবুলত পৰি আছে৷ তেখেতে তৎক্ষণাত কৰি দিব বুলি প্ৰতিশ্ৰুতি দিলে৷ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া৷ এই ৰাজনৈতিক সৌজন্য সঁচাই বিৰল৷