Logo
image

মেট্ৰিক দিব নোৱাৰিলে ৬,০০০ শিক্ষাৰ্থীয়ে, পুনৰ পৰীক্ষা দাবী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ মাৰ্চঃ  অসমৰ চাহ জনগোষ্ঠীৰ চহকী ঝুমুৰ নৃত্যক বিশ্ব দৰবৰাত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিলে ঝুমইৰ বিনন্দিয়া অনুষ্ঠান৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮,৮৮৮ গৰাকী চাহ বাগানৰ শিল্পীয়ে একে লগে ঝুমুৰ নাচি অভিলেখ গঢ়িলে৷ অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনৰ উক্ত ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিন্তু এই ঝুমুৰ নাচৰ নামত ৰাজ্যৰ চাহ বাগানৰ ৬ হাজাৰ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ঝুমুৰৰ বাবেই চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীয়ে এটা শৈক্ষিক বৰ্ষ হেৰুওৱাৰ অভিযোগ উঠিছে৷ এই লৈ এতিয়া চৰকাৰক জবাবদিহি কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে৷ ঝুমুৰৰ বাবে ৬ হাজাৰ চাহ বাগানীয়া পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হোৱা বিষয়টোত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও দাবী জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়কজনে৷ উল্লেখ্য, ঝুমুৰ বিনন্দিয়া অনুষ্ঠানৰ বাবে চাহ জনগোষ্ঠীৰ এজন ব্যক্তিয়ে তেওঁৰ দুই কন্যাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰা বিৰত আছিল বুলি মন্তব্য কৰা দেখা গৈছিল৷


ঝুমুৰ নচা শিল্পীক চৰকাৰে দিবলগা ২৫ হাজাৰ টকাৰ সাহায্যৰ আশাতে কন্যাক পৰীক্ষাৰ পৰা বিৰত ৰাখি গুৱাহাটীত নাচিবলৈ পঠোৱা বুলিও পিতৃয়ে গৌৰৱেৰে মন্তব্য কৰিছিল৷ ইফালে মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰ নাচ পাতি চাহবাগানীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতকলৈ খেলা কৰা বুলিও সেই সময়ত অভিযোগ কৰিছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷ ঝুমুৰৰ বাবেই বাগানৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ পৰা বিৰত আছিল বুলিও ক্ষোভ ব্যক্ত কৰিছিল আছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে৷ ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিনচেৰেক পূৰ্বে এইবাৰৰ মেট্ৰিক পৰীক্ষাত প্ৰায় ৬ হাজাৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ নোহোৱাৰ তথ্য ৰাজহুৱা কৰাত বিভিন্নজনে এতিয়া ৬ হাজাৰ পৰীক্ষাৰ্থী চাহ বাগানীয়া ঝুমুৰ নৃত্যত অংশ লোৱা ছাত্ৰ-ছাত্ৰী বুলিও সন্দেহ ব্যক্ত কৰিছে৷ যাৰ বাবে সোমবাৰে অসম বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সঁচায়েই ঝুমুৰ অনুষ্ঠানৰ বাবেই ৬ হাজাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা বৰ্জন কৰিলে নেকি তাক স্পষ্ট কৰাৰ বাবে চৰকাৰক দাবী জনায়৷ ৬ হাজাৰ বাগানীয়া ছাত্ৰ-ছাত্ৰীয়ে এবছৰৰ বাবে শৈক্ষিক ভৱিষ্যত হেৰুওৱা বিষয়টো কেতিয়াও মানি ল’ব নোৱাৰি বুলি উল্লেখ কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা বিবৃতি প্ৰকাশৰ লগতে প্ৰয়োজনত পুনৰ পৰীক্ষা পাতি বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত বহাৰ ব্যৱস্থা কৰাৰ দাবী জনাই অখিল গগৈয়ে৷