Logo
image

ট্ৰাম্পৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল জেলেনস্কি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মাৰ্চঃ  ঝুমুইৰ বিনন্দিনী অনুষ্ঠানত ভাগ লোৱাৰ বাবে ৬ সহস্ৰাধিকে মেট্ৰিক পৰীক্ষা নিদিলে বুলি বিধায়ক অখিল গগৈয়ে অনা অভিযোগক পোনচাটেই নস্যাৎ কৰিলে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই৷ আজি বিধানসভাৰ বাহিৰত এই প্ৰসংগত অখিল গগৈক উভটি ধৰি মন্ত্ৰী বৰাই কয়– অখিল গগৈয়ে অসমৰ জনগণক স্বভাৱসিদ্ধ  ‘ট্ৰাম্পৰ শক্তিশালী’ নেতৃত্বৰ অধীনত কাম কৰাৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে৷ তদুপৰি আমেৰিকাৰ সৈতে খনিজ চুক্তি আৰু অন্যান্য নিৰাপত্তা সংক্ৰান্তীয় চুক্তি কৰাৰ বাবেও তেওঁৰ দেশ সাজু আছে বুলি উল্লেখ কৰিছে৷ জেলেনস্কিয়ে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰে যে ‘আমি কোনেও অন্তহীন যুদ্ধ বিচৰা নাই৷ যাৰ বাবে ইউক্ৰেইনত দীৰ্ঘম্যাদী শান্তিৰ বাবে বুজাবুজিৰ পথ বিচাৰিছো৷ তাৰ বাবে মই আৰু মোৰ বাহিনীয়ে ট্ৰাম্পৰ ‘শক্তিশালী’ নেতৃত্বৰ অধীনত কাম কৰিবলৈ প্ৰস্তুত৷’


জেলেনস্কিয়ে লগতে উল্লেখ কৰে যে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা ৰক্ষা কৰাৰ বাবে আমেৰিকাই যি সাহায্য আগবঢ়াই আহিছে তাৰ বাবে ইউক্ৰেইন কৃতজ্ঞ৷ ট্ৰাম্পৰ সৈতে ‘অভেল অফিচ’ত হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি সামাজিক মাধ্যমত দিয়া পোষ্টত জেলেনস্কিয়ে এই বুলি উল্লেখ কৰে ‘অভেল অফিচ’ত যেনেদৰে বৈঠক হোৱাৰ কথা আছিল, তেনেদৰে নহ’ল৷ এয়া দুখজনক৷ এতিয়া সময়– সকলো ঠিক-ঠাক কৰাৰ৷ আমি এতিয়া ভৱিষ্যতৰ গঠনমূলক সহযোগিতা আৰু যোগাযোগৰ অপেক্ষাত আছো৷’

জেলেনস্কিৰ শেহতীয়া এই স্থিতিয়ে ৰাছিয়া-ইউক্ৰেইনৰ  মাজত চলি থকা যুদ্ধৰ অৱসানক লৈ অলপ হ’লেও আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷