
আমি ‘যিকোনো যুদ্ধ’ৰ বাবে সাজু ! আমেৰিকাক সকীয়নি চীনৰ
বেইজিং, ৫ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শাসনভাৰ লৈয়ে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক লগোৱাৰ কাম আৰম্ভ কৰে৷ যাৰ ফলত আমেৰিকা আৰু আন আন দেশৰ মাজত বাণিজ্য যুদ্ধ আৰম্ভ হৈছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে নিশা (ভাৰতীয় সময় মতে বুধবাৰে পুৱা) মাৰ্কিন সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দি ঘোষণা কৰে যে দুই এপ্ৰিলৰ পৰা ভাৰত, চীন, দক্ষিণ কোৰিয়া, কানাডা, মেক্সিকো আদি দেশৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক লগোৱা হ’ব৷ কাৰণ এই দেশবোৰে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত প্ৰয়োজনাধিক শুল্ক লগাই আহিছে৷ ইয়াৰ প্ৰত্যুত্তৰ হিচাপেই তেওঁৰ চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি ট্ৰাম্পে ঘোষণা কৰে৷ ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে ক্ষুব্ধ হৈ পৰে চীন৷
চীনে ট্ৰাম্পক প্ৰত্যুত্তৰ দি কয় যে যদিহে আমেৰিকাই বাণিজ্য যুদ্ধ বিচাৰে, তেন্তে চীন সাজু আছে৷ শেষপৰ্যন্ত বাণিজ্য যুদ্ধত লিপ্ত হ’বলৈ সাজু বুলিও চীনে স্পষ্ট কৰি দিয়ে৷ এক্সত এটা পোষ্ট দি চীনৰ বিদেশ মন্ত্ৰণালয়ে এই সকীয়নি দিয়ে৷ পোষ্টত চীনৰ বিদেশ মন্ত্ৰণালয়ে লিখে যে চীনা পণ্যৰ ওপৰত শুল্ক বঢ়োৱাৰ কাৰণ হিচাপে ফেণ্টানাইলক এটা তুচ্ছ অজুহাত হিচাপে ব্যৱহাৰ কৰিছে আমেৰিকাই৷ যদিহে আমেৰিকাই শুল্ক যুদ্ধ, বাণিজ্য যুদ্ধ বা আন যিকোনো যুদ্ধ বিচাৰে, তেন্তে চীন সকলো সময়তে সাজু আছে বুলিও পোষ্টত কোৱা হয়৷ উল্লেখ্য, আমেৰিকাই চীনৰ একাশ সামগ্ৰীত অতিৰিক্ত শুল্ক লগোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক লগোৱাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে৷ যদিহে আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধ আৰম্ভ হয়, তেন্তে বিশ্বৰ অৰ্থনীতিত বেয়া প্ৰভাৱ পৰাটো নিশ্চিত৷