Logo
image

আমেৰিকাত ৩৬০, ২৫০ বছৰীয়া লোকেও পাই আছে পেঞ্চন !

ৱাশ্বিংটন, ৫ মাৰ্চঃ  মাৰ্কিন সংসদৰ যুটীয়া অধিৱেশনত মঙলবাৰে নিশা (ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা) ভাষণ দিয়াৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজ দেশত চলি থকা কেতবোৰ অনিয়ম-অনীতিৰ কথা উদঙাই দিয়ে৷ বিশ্বৰ সবাতোকৈ শক্তিশালী দেশখনত চলি অহা দুৰ্নীতিৰ স্বৰূপ উদঙাই দি ট্ৰাম্পে দাবী কৰে যে সামাজিক নিৰাপত্তাৰ নামত তেওঁৰ দেশত এতিয়াও ৩৬০ বছৰীয়া লোকে পেঞ্চন লাভ কৰি আহিছে৷ ১৬০ বছৰ বয়সৰ এক লাখ ৩০ হাজাৰ লোক আৰু ১৫০-১৫৯ বছৰৰ ভিতৰৰ ১৩ লাখ লোকেও পেঞ্চন লাভ কৰি আহিছে৷


২২০-২২৯ বছৰ বয়সৰ এহাজাৰৰো অধিক লোকেও পেঞ্চন ভোগ কৰি আহিছে৷ ২৪০-২৪৯ বছৰ বয়সৰ লোকেও তেওঁৰ দেশত পেঞ্চন লাভ কৰি আহিছে৷ গতিকে আমেৰিকাৰ সামাজিৰ নিৰাপত্তা পদ্ধতিৰ এনে আসোঁৱাহ দূৰ কৰাৰ সময় আহি পৰা বুলিও তেওঁ কয়৷ আমেৰিকা গঠন হোৱাৰ এশ বছৰ পূৰ্বে জন্ম হোৱা লোকেও ইয়াৰ সুবিধা লাভ কৰি অহাত তেওঁ অবাক হৈ পৰে৷ গতিকে এনে দুৰ্নীতি-অনিয়ম আঁতৰোৱাৰ প্ৰয়োজন বুলিও তেওঁ কয়৷