
অস্বাস্থ্যকৰ পৰিবেশত মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে GMCৰ অভিযান
'আমাৰ অসম'ৰ মহানগৰ সংবাদঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ, গুৱাহাটী মহানগৰ আৰক্ষী, কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ, খাদ্য সুৰক্ষা বিভাগৰ সহযোগত বুধবাৰে এক বৃহৎ অভিযান চলায়। নিগমৰ সূত্ৰই সদৰি কৰা অনুসৰি ৰিহাবাৰী, গড়চুক, পশ্চিম বৰাগাঁও বজাৰ, গোটানগৰ, মালিগাঁও গোশালা বজাৰ, মালিগাঁও চাটেল গেট, পাণ্ডু কলেজ গেট, পাণ্ডু বন্দৰ পথ, পাণ্ডু ৰে'লৱে বজাৰ অঞ্চলত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে মুঠ ৩১ খন মাছ-মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰে।
যিসকল বিক্ৰেতাই নীতি-নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ-মাংস বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমণা হিচাপে ৩২ হাজাৰ ৫০০ টকা সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰিও অভিযানত দুখন মাংসৰ দোকান ছীল কৰি দিয়া হয়। দলটোৱে আগন্তুক দিনত নীতি-নিয়ম মানি চলি বিক্ৰেতাক মাছ-মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াই সদৰি কৰা অনুসৰি, পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ-মাংসৰ উপৰিও যিসকলে আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধেও নিগমৰ এই অভিযান চলি থাকিব।