
বাৰ্বাডোজে মোদীক দিয়া সন্মান গ্ৰহণ কৰিলে মাৰ্ঘেৰিটাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাৰ্বাডোজে আগবঢ়োৱা দেশখনৰ বিশেষ সন্মান প্ৰধানমন্ত্ৰী মোদীৰ হৈ গ্ৰহণ কৰিলে পৰৰাষ্ট্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই৷ উল্লেখ্য, বাৰ্বাডোজে প্ৰধানমন্ত্ৰী মোদীলৈ আগবঢ়াইছে ‘অনাৰেৰী অৰ্ডাৰ অৱ ফ্ৰীডম অৱ বাৰ্বাডোজ’ শীৰ্ষক সন্মান৷ কৌশলী নেতৃত্ব আৰু ক’ভিড-১৯১ সময়ছোৱাত আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান দিয়া হৈছে বুলি বাৰ্বাডোজ চৰকাৰে সদৰী কৰিছে৷
বিশেষ ব্যস্ততাৰ বাবে প্ৰধানমন্ত্ৰী মোদী এই সন্মান গ্ৰহণ কৰিবলৈ যাব নোৱাৰিলে৷ ইয়াৰ পৰিৱৰ্তে সন্মান গ্ৰহণ কৰাৰ দায়িত্ব কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত ন্যস্ত কৰে প্ৰধানমন্ত্ৰীয়ে৷ মোদীৰ নিৰ্দেশমৰ্মেই পৱিত্ৰ মাৰ্ঘেৰিটাই বাৰ্বাডোজ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু বিদেশমন্ত্ৰীৰ উপৰি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান গ্ৰহণ কৰে৷ সন্মান গ্ৰহণ কৰি গৌৰৱবোধ কৰা বুলি অনুভৱ ব্যক্ত কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই৷