Logo
image

এইবাৰ ১ লাখ ‘বৈধ’ ভাৰতীয়ক বিতাড়ন কৰিব ট্ৰাম্পে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ মাৰ্চঃ  কেৱল অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি নথি-পত্ৰ নোহোৱাকৈ বসবাস কৰি থকা ভাৰতীয় নাগৰিককে নহয়, বৈধভাৱে আমেৰিকাত কৰ্মৰত এক লক্ষাধিক ভাৰতীয়কো আমেৰিকাৰ পৰা ট্ৰাম্প প্ৰশাসনে বিতাড়িত কৰিব পাৰে৷ ঘাইকৈ ড’নাল্ড ট্ৰাম্পে দেশৰ জনসূত্ৰে নাগৰিকত্ব লাভ কৰা আইন প্ৰত্যাহাৰ কৰাৰ ফলতে এনে আশংকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, আমেৰিকাত কৰ্মৰত অধিকাংশ ভাৰতীয়ই এইছ-ৰ বি ভিছা লাভ কৰি আমেৰিকাত থকাৰ সুযোগ পায়৷ প্ৰযুক্তি, স্বাস্থ্য আৰু বিজ্ঞানৰ ক্ষেত্ৰত দক্ষ ভাৰতীয়ৰ বাবে এইছ-১ বি ভিছা সপোনৰ দৰে৷ এই ভিছাৰ জৰিয়তে আমেৰিকাত কৰ্মৰত হৈ উপাৰ্জন কৰিব পাৰি৷ স্বাভাৱিকতে এই উপাৰ্জন ভাৰতৰ তুলনাত কেইবাগুণো অধিক হয়৷ এইছ-ৰ বি ভিছা থকাৰ অৰ্থ আমেৰিকাৰ বাসিন্দা নহয়৷ কিন্তু সেই ভিছা থকালৈকে যিকোনো বিদেশী নাগৰিকে আমেৰিকাত কাম কৰি থাকিব পাৰে৷  সেই এইছ-১ বি ভিছাৰ সূত্ৰ ধৰিয়েই ভাৰতীয় নাগৰিকে আমেৰিকাৰ স্থায়ী বাসিন্দাৰ সুযোগ অৰ্থাৎ গ্ৰীণকাৰ্ড লাভ কৰে৷ এতিয়া তেনেদৰে  গ্ৰীণকাৰ্ড লাভৰ বাবে ১.৩৪ লাখ এইছ-১ বি ভিছাধাৰী ভাৰতীয়ই অপেক্ষা কৰি আছে৷ তেওঁলোকৰ লগত আছে নিজ নিজ সন্তানো৷ ড’নাল্ড ট্ৰাম্পে জন্মসূত্ৰে নাগৰিকত্ব লাভৰ অধিকাৰ কৰ্তন কৰাৰ পাছত এনে এইছ-১ বি ভিছাধাৰী ভাৰতীয়ৰ সন্তানসকল অ-আমেৰিকান হৈ পৰিব৷


তেওঁলোকক আমেৰিকাৰ নাগৰিক নোহোৱাৰ বাবে যিকোনো সময়ত ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ পৰা বিতাড়ন কৰিব পাৰে৷ তদুপৰি জন্মসূত্ৰে নাগৰিকত্বৰ অধিকাৰ কৰ্তন কৰাৰ পাছত এই এইছ-১ বি ভিছাধাৰী ভাৰতীয়সকলৰ গ্ৰীণকাৰ্ড অৰ্থাৎ স্থায়ী বাসিন্দাৰ আবেদন বিবেচনা কৰা হোৱা নাই৷ কিয়নো দুয়োটা বিষয় পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল অথবা পাৰস্পৰিক সম্পৰ্ক থকা৷ এনে পৰিস্থিতিতে এতিয়া আশংকা কৰা হৈছে এইছ-১ বি ভিছাৰ ম্যাদৰ শেষত তেনে ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়ন কৰিব পাৰে৷ যিহেতু বিদেশী নাগৰিকক ড’নাল্ড ট্ৰাম্পে সহজে নাগৰিকত্ব প্ৰদান কৰাৰ ইচ্ছা নাই, সেয়ে এই এইছ-১ বি ভিছা লৈ আমেৰিকাত থকা ভাৰতীয়ক গ্ৰীণকাৰ্ড প্ৰদানত বিলম্ব ঘটাই আছে৷ তেওঁলোকক আমেৰিকাৰ পৰা বিতাড়ন কৰিব বুলি এতিয়াও ট্ৰাম্প প্ৰশাসনে নিৰ্দিষ্টকৈ কোনো ঘোষণা কৰা নাই৷ কিন্তু গ্ৰীণকাৰ্ড প্ৰদানত বিলম্ব কৰি থকাৰ ঘটনাই তেনে এক আশংকাৰ উদ্ভৱ ঘটাইছে৷ যদিহে ট্ৰাম্প প্ৰশাসনে অচিৰেই তেনে এক সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এইছ-১ বি ভিছা লৈ আমেৰিকাত থকা ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ সতি-সন্ততি তথা পৰিয়ালকো আমেৰিকাৰ পৰা বিতাড়ন কৰা হ’ব৷ বৈধভাৱে আমেৰিকালৈ গ’লেও সেই ভাৰতীয়সকলে ইমানদিনে আশা কৰি থকাৰ দৰে আমেৰিকাত স্থায়ী বাসিন্দাৰ অনুমতি নাপাব৷