Logo
image

নিজৰ নিৰ্দেশ ভাঙি এইবাৰ গোহাঁইক কটাক্ষ অখিলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ দলৰ সভাপতি হিচাপে দিয়া নিৰ্দেশ নিজেই ভংগ কৰিলে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতা বা সদস্যই কোনো মন্তব্য কৰিব নোৱাৰিব বুলি ঘোষণা কৰি দিছিল বিধায়ক অখিল গগৈয়ে৷ দুদিন পূৰ্বে তেওঁ নিৰ্দেশটো ঘোষণা কৰি কৈছিল–‘ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰে পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব৷ মই নিজেও মন্তব্য প্ৰকাশ কৰিব নোৱাৰোঁ৷’ কিন্তু নিজে  বান্ধি দিয়া নিয়মেই এটা সপ্তাহো ৰাখিব নোৱাৰিলে বিধায়ক অখিল গগৈয়ে৷ বৃহস্পতিবাৰে কাৰ্যতঃ বিৰোধী ঐক্যমঞ্চ গঠনৰ ক্ষেত্ৰত একাংশ বুদ্ধিজীৱীয়ে কংগ্ৰেছৰ পক্ষ লোৱাৰ অভিযোগ তুলি আগবঢ়ায় কেতবোৰ বিতৰ্কিত মন্তব্য৷ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইৰ নাম উল্লেখ নকৰিলেও তেওঁকে কটাক্ষ কৰি অখিল গগৈয়ে কয়– বিজেপিবিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাটিক ধৰণে কংগ্ৰেছপন্থী৷ এই কথাত মনটো বেয়া লাগে৷ একাংশ বুদ্ধিজীৱীক লৈ বিজেপিবিৰোধী প্ৰায়বোৰ দলে অনুভৱ কৰিছোঁ এই কথা৷ বুদ্ধিজীৱী নিৰপেক্ষ হ’ব লাগে৷ কিন্তু একাংশ বুদ্ধিজীৱী নিৰপেক্ষ নহয়৷’ উল্লেখ্য, ড॰ হীৰেন গোহাঁয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল– ‘অখিল গগৈৰ গতি বিধি আমি বুজি নাপাওঁ৷ তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুত নাপাওঁ৷ কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়৷ সেইটোৱে সমস্যাৰ সৃষ্টি কৰে৷ তেওঁ এতিয়া বিজেপি-কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে৷ সেইটো নিৰ্বাচনী কচৰৎ হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল হ’ব৷’ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়– ‘অসমত বিৰোধী ঐক্য ফুটা কলহৰ দৰে৷ কংগ্ৰেছ আৰু দুৰ্যোধনৰ মাজত বিশেষ পাৰ্থক্য নাই৷ এইসকল পিত-মাতৃ, সন্তান সকলো একেই৷ দুৰ্যোধনে যেনেকৈ পিতৃৰ কথা শুনা নাছিল তেনেকৈ হীৰেন গোহাঁইৰ কথা ক’ত শুনিব? অখিল গগৈ বিজেপি মিত্ৰদলৰ বাবে শান্তিৰ কাৰক৷’ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত বিধায়ক জিতু গোস্বামীয়ে কয়– ‘আমি আগৰে পৰা কৈ আহিছোঁ এই বিৰোধী মঞ্চ কেতিয়াও স্থায়ী নহয়৷ নিজৰ মাজত কাজিয়া কৰি থাকোঁতেই যাব৷ অখিলে আজি একাংশ বুদ্ধিজীৱীক গালি পাৰিছে, কাইলৈ আকৌ ভাল হ’ব৷’ অখিল গগৈ সন্দৰ্ভত বিধায়ক মানৱ ডেকাই কয়– ‘অখিল গগৈয়ে মুখ বন্ধ কৰিলেই অস্তিত্ব নাইকীয়া হৈ যাব৷ তেওঁৰ কামেই হৈছে য’তে ত’তে জঁপিয়াই পৰা৷’ তেওঁ আৰু কয়– ‘বুদ্ধিজীৱী মানে কি মই বুজি নাপাওঁ৷ এওঁলোক এণ্টি ইণ্ডিয়ান৷ এওঁলোকে যাকে সমৰ্থন কৰে তেওঁলোকে হাৰে৷’ ইফালে, অখিল গগৈয়ে ড॰ হীৰেন গোহাঁইক আক্ৰমণ কৰাক লৈ দলৰ মাজতে সমালোচিত হৈছে৷


দলৰ জ্যেষ্ঠ নেতা জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীয়ে ছ’চিয়েল মিডিয়া যোগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সম্বোধন কৰি কয়– হীৰেন গোহাঁই ছাৰ বিজেপি নেকি? হীৰেন গোহাঁই ছাৰ কংগ্ৰেছ নেকি? হীৰেন গোহাঁই ছাৰ বাওঁপন্থী নেকি? হীৰেন গোহাঁই ছাৰ হিন্দু মৌলবাদী নেকি? হীৰেন গোহাঁই ছাৰ মুছলিম মৌলবাদী নেকি? হীৰেন গোহাঁই ছাৰ খ্ৰীষ্টান মৌলবাদী নেকি? নে হীৰেন গোহাঁই ছাৰে আমাৰ পৰা কিবা বঁটা-বাহন বিচাৰিছে? নে হীৰেন গোহাঁই ছাৰে অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ বিচাৰে? আপুনিও গোহাঁই ছাৰক আক্ৰমণ কৰে, হিমন্ত বিশ্ব শৰ্মায়ো গোহাঁই ছাৰক আক্ৰমণ কৰে৷ পাৰ্থক্যটো ক’ত? অনবৰতে বুমডাল, অনবৰতে ছ’চিয়েল মিডিয়াত নিজৰ চাৰ্টিফিকেট৷ অনবৰতে ইমান উত্তেজিত হৈ থাকে কিয়? হৈছে কি আপোনাৰ? ‘সদনলৈ যাবলৈ ইচ্ছা নোযোৱা হ’ল’, ‘বুদ্ধিজীৱী নিৰপেক্ষ নহয়’, ‘সিংহ গৰ্জন দিলো’, ‘ভিতৰত কাজিয়া কৰি আহি বাহিৰত হিমন্ত বিশ্ব শৰ্মাৰ বিৰল ৰাজনৈতিক সৌজন্যৰ মুখামুখি হ’লো’, এইবোৰ বাৰে বাৰে কিয়? চাৰ্টিফিকেট আপোনাক ৰাইজে দিব, আপুনি নিজেই নিজৰ চাৰ্টিফিকেট নল’ব৷ আপুনি কাৰো কথা নুশুনে, কাৰো পৰামৰ্শ আৰু উপদেশ গ্ৰহণ নকৰে৷ মেচেজ দিলেও পঢ়ি নাচায়৷ আপোনাক ভাল পোৱা মানুহবোৰে আমাক বাৰে বাৰে অনুৰোধ কৰি আছে যে আপোনাৰ কাণত কথাবোৰ পেলাব লাগে৷ তীব্ৰ সমালোচনা কৰি থাকি আকৌ বিৰোধী ঐক্যমঞ্চত যোগ দিবলৈ মাতিব? এইবোৰ এবচাৰ্ড কথা নহয়নে? এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে নিজৰ গুৰু-গম্ভীৰতা ধৰি ৰাখক৷ আপুনি সাংবাদিকৰ বুমডাল এৰক, আপুনি সকলোকে আক্ৰমণ কৰা বন্ধ কৰক ! উপায় নাপাই কথাখিনি চচিয়েল মিডিয়াতে ক’লো, মাৰ্জনা বিচাৰিছোঁ৷ যদি দলীয় অনুশাসন ভংগ কৰা বুলি ভাবে আমাক দলৰ পৰাই আতঁৰাই দিলে হ’ল৷