Logo
image

লণ্ডনত খালিস্তানীৰ বিক্ষোভৰ মুখত বিদেশমন্ত্ৰী জয়শংকৰ, ত্ৰিৰংগাকো অপমান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ মাৰ্চঃ  ব্ৰিটেইন ভ্ৰমণৰত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ লণ্ডনত খালিস্তানপন্থীৰ আক্ৰমণৰ কবলত পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লণ্ডনৰ ছাথাম হাউছৰ সন্মুখত এদল শিখ দুষ্কৃতিকাৰীয়ে এছ জয়শংকৰৰ গাড়ীখন ভেটি ধৰি আক্ৰমণৰ চেষ্টা চলায়৷ অৱশ্যে তাৎক্ষণিকভাৱে স্কটলেণ্ড য়াৰ্ড আৰক্ষীয়ে আক্ৰমণকাৰী কেইজনক  কৰায়ত্ত কৰি জয়শংকৰৰ গাড়ীৰ সন্মুখৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয়৷ যথাস্থানত আৰক্ষী নথকা হ’লে ভাৰতীয় বৈদেশিক মন্ত্ৰীক খালিস্তানপন্থী আক্ৰমণকাৰীয়ে গুৰুতৰ আক্ৰমণ কৰিব পাৰিলেহেঁতেন বুলি পৰিস্থিতি দেখি ধাৰণা কৰা হৈছে৷ বুধবাৰে নিশা ছাথাম হাউছত অনুষ্ঠিত এখন সভাত যোগ দিবলৈ গৈছিল জয়শংকৰ৷  এই চৰকাৰী অনুষ্ঠানত ভাগ ল’বলৈ যোৱা জয়শংকৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আগৰে পৰাই তাত এদল শিখ লোক সমৱেত হৈছিল৷  অৱশ্যে তেওঁলোকে জয়শংকৰক যে আক্ৰমণৰ লক্ষ্য কৰি ল’ব, তেনে ধাৰণা আৰক্ষীয়ে কৰিব পৰা নাছিল৷


কিন্তু জয়শংকৰৰ গাড়ীখন ছাথাম হাউছৰ সন্মুখত উপস্থিত হওঁতেই এদল শিখ দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণৰ বাবে উদ্যত হয়৷ আক্ৰমণকাৰী দলটোৱে জয়শংকৰৰ গাড়ীখন ভেটি ধৰে আৰু ভাৰতবিৰোধী শ¡’গান দিবলৈ আৰম্ভ কৰে৷ কেইজনমানে জয়শংকৰৰ চকুৰ সন্মুখতে ভাৰতৰ জাতীয় পতাকা ফালি পেলায়৷ এই ঘটনাত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিচ্ছিন্নতাবাদী শক্তিৰ এনে কাম নিন্দনীয় বুলি মন্তব্য কৰিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দৰে শীৰ্ষ পৰ্যায়ৰ এজন বিদেশী অতিথিৰ ক্ষেত্ৰত যি ধৰণৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন, তেনে নথকা দেখি নতুন দিল্লীয়ে উদ্বেগো প্ৰকাশ কৰিছে৷ অৱশ্যে মুকলিভাৱে লণ্ডনক নতুন দিল্লীয়ে এই ঘটনাৰ বাবে দোষাৰোপ কৰা নাই৷ কিন্তু এছ জয়শংকৰৰ ক্ষেত্ৰত নিৰাপত্তাৰ গাফিলতি আছিল বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে  ভাবিবলৈ বাধ্য হৈছে৷ অৱশ্যে তেওঁ নিৰাপদে  ৰক্ষা পৰাত নতুন দিল্লীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে৷ খালিস্তানপন্থী কোন সংগঠন এই ঘটনাত জড়িত আছিল সেয়া এতিয়ালৈকে মুকলিভাৱে ব্ৰিটেইনে প্ৰকাশ কৰা নাই৷ আনহাতে ব্ৰিটেইনে খালিস্তানপন্থীৰ এনে ঘটনা কোনোপধ্যে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰিছে৷