Logo
image

গোসাঁইগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত ১৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক

'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ যি সময়ত অসম চৰকাৰে প্ৰাথমিক শিক্ষাত গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে তেনে সময়ত আজিও আছে এজনীয়া শিক্ষক থকা বিদ্যালয়। এজনীয়া শিক্ষক থকা বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশ এক প্ৰকাৰ ব্যাঘাত ঘটিছে সেয়া স্পষ্ট হৈ পৰিছে। ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দিছে যদিও এজনীয়া শিক্ষক থকা বহু বিদ্যালয়ত নতুন শিক্ষক দিয়া নহ'ল। গোসাঁইগাঁও মহকুমাৰ গোসাঁইগাঁও আৰু কচুগাওঁ শিক্ষা খণ্ডত আজিও ভালে সংখ্যক স্কুল এগৰাকী শিক্ষকৰে চলি আহিছে। গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক বিদ্যালয়ত ১৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক। এজন শিক্ষকৰে বিগত ৫ বছৰে চলি আহিছে বিদ্যালয়খন। কিন্তু খবৰ নাই কোকৰাঝাৰ জিলা শিক্ষা বিভাগৰ। খবৰ নাই বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৰ। বিটিচি অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যা সমূহ আঁতৰাই এক নতুন দিগন্তৰে শিক্ষা ব্যৱস্থাক আগবঢ়াই লোৱাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰমোদ বড়োয়ে পূৰণ কৰিব নোৱাৰিলে এজনীয়া শিক্ষক থকা বিদ্যালয় সমূহ। যাৰ ফলত আজিও এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষা আহৰণ কৰিবলৈ সক্ষম  হোৱা নাই। তেনে এখন বিদ্যালয় হৈছে গোসাঁইগাঁও মহকুমাৰ কচুগাওঁ শিক্ষা খণ্ডৰ ১ নম্বৰ দক্ষিণ মাটিয়াপাৰা প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খন বিগত ৫ বছৰ ধৰি আনোৱাৰ হুছেইনে অকলে ছাত্ৰ-ছাত্ৰীক পাঠ দান দি আহিছে। অতি কষ্টৰে শিক্ষকতা কৰা আনোৱাৰ হুছেইন, স্থানীয় ৰাইজ আৰু অভিভাৱকে শিক্ষা বিভাগক অৱগত কৰিও শিক্ষক লাভ নকৰিলে।


যাৰ ফলত উপায়হীন হৈ এক উদাসীনতাৰ মাজেৰে স্কুলখন চলাই নিছে। এই বিদ্যালয়ত আন এজন শিক্ষক আছে যদিও সেইজন চি আৰ চিৰ দায়িত্বত থকা বাবে বেছিভাগ দিন শ্ৰেণী কাৰ্য কৰিব নোৱাৰাত এজন শিক্ষকে মধ্যাহ্ন ভোজন, শ্ৰেণী কাৰ্য কৰাৰ উপৰি বিভাগীয় কাম কাজ কৰি আহিছে। স্কুলখনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত গাঁৱৰ এগৰাকী শিক্ষিত যুৱকক স্কুল পৰিচালনা সমিতিৰ আহ্বান মৰ্মে  আৰু গাঁৱৰ কণ কণ শিশুবোৰৰ চিন্তা কৰি বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান দি আহিছে। ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত জীৱনৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন ধ্বংসৰ দিশে গতি কৰিছে যদিও কুম্ভ কৰ্ণৰ নিদ্ৰাত শিক্ষা বিভাগ। শিক্ষকৰ অভাৱত উপযুক্ত শিক্ষা আহৰণৰ পৰা বঞ্চিত হৈ আহিছে ছাত্ৰ-ছাত্ৰী সকলে। ছাত্ৰ-ছাত্ৰীৰ হিচাপত শিক্ষক নথকাত একেলগে দুই-তিনিটা শ্ৰেণী কাৰ্য কৰিব লগা পৰিৱেশৰ উদ্ভৱ হৈছে। উল্লেখ্য যে এইখন বিদ্যালয়ে বিগত সময়চোৱাত হৈ যোৱা গুণোৎসৱত ভাল স্থান দখল কৰিবলৈ সক্ষম হোৱা পিছতো কিন্তু শিক্ষক দিয়া নহ'ল। বিদ্যালয় সমূহৰ জ্বলন্ত সমস্যা সমূহ চিনাক্ত কৰিবলৈ শিক্ষা বিভাগে গুণোৎসৱ পাতি আহিছে যদিও সেয়াও যে এক প্ৰকাৰৰ ভেঁকো-ভাওনা সেয়া এইখন বিদ্যালয়ৰ বাস্তৱ ছবিয়ে পুনৰ প্ৰমাণিত কৰিছে। অভিভাৱকৰ আহ্বান শিক্ষা বিভাগে যদি শিক্ষক দিব নোৱাৰে তেন্তে স্কুল বন্ধ কৰি দিয়ক। প্ৰয়োজনত শিশু সকলক অন্য স্কুলত নিয়া হ'ব। শিক্ষকৰ অভাৱত কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন ধ্বংস কৰিব নালাগে।