তিনিচুকীয়াৰ ডাঙৰীৰ ধাদুম পথাৰত বিৰল প্ৰজাতিৰ পক্ষীৰ বিচৰণ
'আমাৰ অসম'ৰ তালাপৰ প্ৰতিবেদক, ৭ মাৰ্চঃ তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ ধাদুম পথাৰত আপুৰুগীয়া দেও কৰ্চণ চৰাইৰ বিচৰণে দেশী-বিদেশী পক্ষী নিৰীক্ষকক অতি উৎসাহী কৰি তোলা পৰিলক্ষিত হৈছে ৷ ব্লেক নেক ক্ৰেন থলুৱা ভাবে দেও কৰ্চণ নামেৰে জনাজাত এইবিধ পৰিভ্ৰমী পক্ষীক ইয়াৰ পূৰ্বে অসমত ২০২১ চনত প্রথমে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু একে বৰ্ষতে দ্বিতীয়বাৰ এই ধাদুম পথাৰত দেখা বুলি তথ্য পোৱা গৈছে। আকাৰত প্ৰায় সাধাৰণ কৰ্চন পক্ষীৰ সমানেই যদিও মূৰৰ ৰং ক'লা থকা এই 'দেও কৰ্চন' পক্ষী তৃতীয়বাৰৰ বাবে এইবাৰ ধাদুম পথাৰত বিচৰণ কৰা দেখা গৈছে ৷ পথাৰখনলৈ অহা প্ৰায় দুশৰো অধিক কৰ্চণ পক্ষীৰ মাজত এতিয়ালৈকে মাত্ৰ এটাহে দেও কৰ্চন পক্ষী দেখা পোৱা গৈছে ৷ সেই দেও কৰ্চণটোকে প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ লগতে অন্যান্য ৰাজ্যৰ বহু পক্ষী নিৰিক্ষকে গধুৰ কেমেৰা লৈ ধাদুম পথাৰত ভিৰ কৰা দেখা গৈছে ৷ এই পক্ষী বিধ প্ৰকৃততে কোন দেশৰ স্থায়ী বাসিন্দা এই বিষয়ে সঠিক তথ্য নাই যদিও সাগৰৰ পৃষ্ঠৰ পৰা ২৯৫০-৪৯০০ মিটাৰ উচ্চতাত ভাৰত, চিন আৰু ভূটানৰ বিশেষ কিছু এলেকাত ইয়াক দেখা পোৱাৰ লগতে তিব্বত আৰু ভূটানত বংশবিস্তাৰ কৰে বুলি জানিব পৰা গৈছে।
সম্প্ৰতি ধাদুম পথাৰত দেও কৰ্চণ চৰাইৰ বিচৰণৰ খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত যোৱা কেইদিন পুৱাৰ ভাগত দেশী-বিদেশী পক্ষী নিৰিক্ষকে ভিৰ কৰা দেখা গৈছে ৷ দেও কৰ্চণৰ উপৰিও ধাদুম পথাৰখন কৰ্চণ, চিকৈ-চকোৱা, পানীডুবি, ফুটুকী হাঁহ, কেইবা প্ৰজাতিৰো কণামুচৰি, শামুকভঙা, বৰটোকোলাকে ধৰি বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী৷ সাধাৰণতে জলাশয় আদি স্থানতহে পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলি হোৱা দেখা যায় যদিও ধান কটাৰ পাছৰে পৰা ধাদুম পথাৰখনৰ লগতে গাতে লাগি থকা চিৰিং পথাৰখনো পৰিভ্ৰমী পক্ষীৰ বাবে আকৰ্ষণীয় হোৱাৰ মূলতে এই স্থানৰ মাটিৰ গঠন বুলি অভিজ্ঞ লোকৰ পৰা জানিব পৰা গৈছে৷ পথাৰ দুখন দ হোৱাৰ হেতুকে খৰালিটো আদ্ৰতা অক্ষুণ্ণ হৈ থাকে৷ তাৰোপৰি এই মাটিত যথেষ্ট পৰিমানে চক (CaCO3) মিহলি হৈ থকাৰ বাবেও পৰিভ্ৰমী পক্ষীৰ বাবে আকৰ্ষণীয় বুলি জানিব পৰা গৈছে৷ এইক্ষেত্ৰত গৱেষণাৰ থল আছে বুলিও স্থানীয় ৰাইজে ব্যক্ত কৰিছে৷






