Logo
image

বোকাখাতৰ খতিয়াখলিত ৩০ দম্পতীৰ সমূহীয়া বিবাহ সম্পন্ন

'আমাৰ অসম'ৰ নুমলীগড়ৰ প্ৰতিবেদক, ৭ মাৰ্চঃ বহু প্ৰত্যাশিত ভাৱে বৃহস্পতিবাৰে নিশা সম্পন্ন হ'ল সমূহীয়া বিবাহ। ২২বছৰৰ পৰা ৬২ বছৰীয়া দৰা-কইনা বহিল ৰভাৰ তলত। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ,আয়তীৰ উৰুলি, সহস্ৰাধিক সমবেতৰ সমুখত হোমৰ জুইক সাক্ষী কৰি হাড় সূচী কৰিলে গন্ধৰ্ব প্ৰথাৰে বিয়া পাতি, পো-জী, নাতি-নতিনীৰ মুখ দেখা ৩০ দম্পতীয়ে। উল্লেখ্য যে ২১ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে বোকাখাতৰ নতুন খতিয়াখলি নামঘৰত অনুষ্ঠিত হ'বলগা বোকাখাত মহকুমা পালনাম সমিতিৰ চতুৰ্ত্ৰিংশতিতম মহা পালনাম আৰু পঞ্চবিংশতিতম অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ সংগতি ৰাখি বৃহস্পতিবাৰে নিশা সম্পন্ন হ'ল সমূহীয়া বিয়া। জীৱনৰ অন্যতম সন্ধিক্ষণ যৌৱনৰ তাগিদাত অনানুষ্ঠানিক ভাবে সংসাৰ আৰম্ভ কৰা এই সকল বৰ কইনাই সামাজিক জীৱনত কিছু বাধ্যবাধকতা মানি চলিব লাগিছিল।


এতিয়াৰ পৰা সকলো মাংগলিক অনুষ্ঠানত মুকলিকৈ যোগদান কৰিব পাৰিব তেওঁলোকে। এই বৰ কইনাৰ মাজত উজনি অসমৰ চেপনৰ পৰা মধ্য অসমৰ বাগৰিলৈকে আছিল বিবাহ প্ৰাৰ্থী। অসম চৰকাৰৰ সাহিত্যিক বঁটা প্ৰাপক মিনতি দলেয়ে এই মাংগলিক কাৰ্যসূচী শুভাৰম্ভ কৰে। শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে গোৰ্খা সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষ ভক্ত বাহাদুৰ চেত্ৰী, কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰা, বোকাখাত মহকুমা পালনাম সমিতিৰ সভাপতি বিনন্দ চন্দ্ৰ বৰুৱাই। নিশাৰ এই বিবাহ অনুষ্ঠানত সমবেত হয় দুই সহস্ৰাধিক লোকৰ। নিৰামিষ আহাৰেৰে আপ্যায়ন কৰা হয় অতিথিক। ৩০ খন বিবাহ বেদীৰ হোমৰ ধোঁৱা আৰু সুগন্ধিয়ে সৃষ্টি কৰিলে এক মায়াময় পৰিৱেশ।