বগৰী খেতিৰে স্বাৱলম্বী উত্তৰ গুৱাহাটীৰ যুৱক ভাৰত শইকীয়া
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই হাবাথুৰি খাবলগীয়া হৈছে সেই সময়তে বগৰী খেতিৰে স্বাৱলম্বিতাৰ অনুপম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটীৰ এজন শিক্ষিত উদীয়মান যুৱকে। উদীয়মান যুৱক জনৰ নাম ভাৰত শইকীয়াই। ভাৰতে উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত প্ৰায় ৬০০ জোপা বগৰীৰ খেতি কৰিছে। তিনি বিঘা ভূমিত কৰা প্ৰতি জোপা বগৰী গছত এতিয়া লমা-লমে লাগিছে বগৰী। ভাৰত শইকীয়াৰ সুস্বাদু বগৰীয়ে ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।
যুৱকজনৰ ঘৰত বগৰী ক্ৰয় কৰিবলৈ প্ৰতিদিনে গ্ৰাহকে ভিৰ কৰিছে। ভাৰত শইকীয়াৰ ঘৰৰ পৰা গ্ৰাহকে ক্ৰয় কৰিছে নিতৌ কুইন্টলে কুইন্টলে আপেল বগৰী। পবিত্ৰ ৰমজান মাহ উপলক্ষে ফলৰ চাহিদা বৃদ্ধি পোৱাৰ সময়ত আদৰ বাঢ়িছে ভাৰত শইকীয়াৰ সুস্বাদু বগৰীৰো। যুৱকজনে কামৰূপ জিলাৰ বিভিন্ন বজাৰৰ লগতে গুৱাহাটীৰ প্ৰতিখন বজাৰলৈ সৰবৰাহ কৰিছে বগৰী। ভাৰত শইকীয়া এতিয়া প্ৰতি গৰাকী নৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ।






