Logo
image

আকৌ আহিল নিৰ্বাচনৰ দিন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মাৰ্চঃ  ৰাজ্যত যেন আৰম্ভ হ’ল নিৰ্বাচনৰ বতৰ৷ আকৌ আহিল নিৰ্বাচনৰ দিন৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ তাৰ পূৰ্বে অনুষ্ঠিত হ’ব পঞ্চায়ত আৰু বিটিআৰকে ধৰি বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰা অনুসৰি ব’হাগ বিহুৰ সময়তে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ উল্লেখ্য, পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত দীৰ্ঘদিন ধৰি অনি(য়তা অব্যাহত আছিল৷ আনকি বিষয়টো ন্যায়ালয়ৰ মজিয়াও পাইছিল৷ এই অনিশ্চয়তাৰ  অন্ত পেলাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ২৮ অথবা ২৯ মাৰ্চত উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ শেষৰটো পৰীক্ষা আছে৷ পৰীক্ষা হৈ যোৱাৰ পাছত যিকোনো মুহূৰ্ততে পঞ্চায়ত নিৰ্বাচন ঘোষণা হ’ব৷ ব’হাগ বিহুৰ আগতে পঞ্চায়ত নিৰ্বাচন শেষ নহয়৷ যদি ৩০ মাৰ্চতো নিৰ্বাচন ঘোষণা কৰে তেতিয়াও ৩০ এপ্ৰিল হ’ব৷


গতিকে বিহুৰ মাজতে পঞ্চায়ত নিৰ্বাচন চলি থাকিব৷ আনহাতে, ২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ ৩৬টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন৷ ৪ এপ্ৰিলত হ’ব ভোটগণনা৷ ১৫ মাৰ্চত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন৷ বৰ্তমান পৰ্যন্ত বিটিআৰৰ নিৰ্বাচনী দিন-বাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ১৫ ডিচেম্বৰত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কাউঞ্চিলৰ কাৰ্যকাল অন্ত পৰিব৷ ইয়াৰ মাজতে ৰাজ্যৰ কেইবাখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্বাৱনা আছে৷ আনহাতে, ২০২৬ চনৰ মে’ মাহত অন্ত পৰিব ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল৷ সেয়ে ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’ব লাগিব বিধানসভাৰ নিৰ্বাচন৷ বিধানসভাৰ পূৰ্বে অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসন খালী হ’ব আৰু এই দুখন আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷