Logo
image

গুৱাহাটীত গণৰোষৰ পৰা কথমপিহে সাৰিল ৰণবীৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৮ মাৰ্চঃ  আৰক্ষীৰ চমন লাভ কৰি গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া গণৰোষৰ পৰা কথমপিহে ৰক্ষা পৰে৷ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি মহানগৰ আৰক্ষীয়ে বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক মহানগৰীৰ খানাপাৰাৰ তাজ ভিভাণ্টা হোটেলৰ পৰা মহানগৰীৰ পানবজাৰস্থিত অপৰাধ শাখাৰ কাৰ্যালয়লৈ দিনৰ এক বজাত আনে৷ পানবজাৰস্থিত অপৰাধ শাখাৰ কাৰ্যালয়ত ইউটিউবাৰ  ৰণবীৰ এলাহাবাদিয়া উপস্থিত হোৱাৰ পূৰ্বে অজস্ৰ ৰাইজৰ সমাগম হয়৷ এই সমাগমৰ মাজেৰে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক অপৰাধ শাখাৰ কাৰ্যালয় লৈ যায়৷ হাতত ৰুদ্ৰাক্ষ মালা লৈ অহা ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ মুখ মণ্ডলত ভয়ৰ চাপ স্পষ্ট ভাবে প্ৰতিফলিত হৈছিল৷ অপৰাধ শাখাৰ কাৰ্যালয়ত ইউটিউবাৰজন প্ৰৱেশ কৰাৰ সময়ত সমবেত ৰাইজ উত্তেজিত হৈ পৰিছিল৷ ইউটিউবাৰ জনৰ ভয় আঁতৰাবলৈ আৰক্ষীয়ে সম্পূৰ্ণ নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ পাছতে অপৰাধ অনুসন্ধান শাখাৰ কাৰ্য্যালয়ৰ ভিতৰত যুটীয়া আৰক্ষী আয়ুক্তই কেইবাঘণ্টা জেৰা চলাই ইউটিউবাৰজনক৷ অপৰাধ অনুসন্ধান শাখাত উপস্থিত হোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে গুৱাহাটী আহি উপস্থিত হৈছিল ইউটিউবাৰগৰাকী৷ উল্লেখ্য যে ইণ্ডিয়াজ গট লেটেণ্ট অনুষ্ঠানটোত অশালীন মন্তব্য কৰি সমগ্ৰ দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছিল এলাহাবাদিয়াই৷ সময় ৰাইনাৰ শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টত উপস্থিত হৈ ৰণবীৰে এগৰাকী প্ৰতিযোগীক পিতৃ-মাতৃৰ সম্পৰ্কক লৈ শালীনতাৰ সকলো সীমা চেৰাই যোৱা যৌন*গন্ধী প্ৰশ্ন সুধি সমস্যাত পৰিছিল৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে মুম্বাই আৰু গুৱাহাটী আৰক্ষীয়ে অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত বিশিষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা এক্স হেণ্ডেল যোগে ঘোষণা কৰিছিল৷


বিগত ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত উল্লেখ কৰে, ‘আজি গুৱাহাটী আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশালীন আলোচনাত লিপ্ত কৰাৰ বাবে কেইজনমান ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ তেওঁলোক ক্ৰমে আশিস চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা৷ ‘ ইণ্ডিয়াজ গট লেটেণ্ট শ্ব’ৰ ইউটিউব খণ্ডৰ সময়ত এলাহবাদিয়াই কৰা এই ‘আপত্তিজনক’ মন্তব্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হয়৷ ক্ষোভৰ পাছত এলাহবাদিয়াই তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল আৰু এই মন্তব্যক ‘অনুপযুক্ত’ আৰু ‘সংবেদনহীন’ বুলি অভিহিত কৰিছিল৷ এলাহবাদিয়াই নিজৰ এক্স হেণ্ডেল একাউণ্টত এক মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰি শ্ব’টোত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল৷ পিছে নেটিজেনে তেওঁৰ ক্ষমা প্ৰাৰ্থনাক গালি-শপনিৰে ওফৰাই পেলাইছিল৷ ইণ্ডিয়াজ গট টেলেটেণ্ট শ্ব’ত অশালীনতাক প্ৰশ্ৰয় দিয়া বাবে উল্লিখিত ইউটিউবাৰকেইগৰাকীৰ বিৰুদ্ধে অপৰাধ শাখাৰ চাইবাৰ থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছিল গোচৰ৷ এই গোচৰৰ ভিত্তিত ২৭ ফেব্ৰুৱাৰীত আশিস চঞ্চলানী অপৰাধ অনুসন্ধান শাখাত উপস্থিত হৈছিল৷ তেওঁক প্ৰায় ৪ ঘণ্টা জেৰা চলোৱাৰ পিছত যাবলৈ দিয়া হয়৷ কাইলৈ বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াই আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কামাখ্যা মন্দিৰ দৰ্শন কৰিব৷ উল্লেখ্য যে আজি অপৰাধ শাখাই এলাহবাদিয়াক চাৰি ঘণ্টা জেৰা কৰি মুকলি কৰি দিয়ে৷ আনকি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীয়ে ইউটিউবাৰজনক ভিভাণ্টা হোটেলত থৈ আহে৷ শনিবাৰে ৰণবীৰে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা৷