Logo
image

কোনে কয় মই অকলশৰীয়া...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মাৰ্চঃ  ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে নিশা ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি কৈছে বিধানসভাত তেওঁ হেনো বৰ অকলশৰীয়া৷ বিধানসভাত বিভিন্ন প্ৰসংগ উত্থাপন কৰাৰ সময়ত বিৰোধী দলসমূহৰ পৰা বিচৰা ধৰণে সঁহাৰি নোপোৱা বুলি অনুভৱ কৰি তেওঁ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে বিশেষ পোষ্টটো৷ পোষ্টটোত তেওঁ কয়– ‘বিধান সভাত মই বৰ অকলশৰীয়াঃ  আজি অসম বিধান সভাত চৰকাৰে কেইখনমান বিধেয়ক উত্থাপন কৰিছিল৷ মিচিং, তিৱা, ৰাভা, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, বড়ো কছাৰী  স্বায়ত্ত শাসিত পৰিষদসমূহৰ নিৰ্বাচন অনিদ্দিৰ্ষ্ট কাললৈ স্থগিত ৰাখি কাউন্সিলবোৰৰ ক্ষমতা ৰাজ্যপালৰ দ্বাৰা চৰকাৰৰ হাতলৈ অনাৰ প্ৰস্তাৱ দিছে৷ আমি কৈছিলোঁ, বিশেষ পৰিস্থিতিত এনেদৰে নিৰ্বাচন পিছুৱালেও তাৰো এটা নিদ্দিৰ্ষ্ট সীমা থকা দৰকাৰ (আমি ৬ মাহ বুলি সংশোধন আনিছিলো)৷ কাৰণ আইন অনুসৰি নিৰ্বাচিত কাউন্সিলখনৰ কাৰ্যকাল ৰ বছৰ বৃদ্ধি কৰিবই পাৰি৷ গতিকে প্ৰস্তাৱিত চৰকাৰলৈ ক্ষমতা প্ৰদান অতিৰিক্ত সময়হে৷ যদি চৰকাৰক এই ক্ষমতা অনিদ্দিৰ্ষ্ট কাললৈ দিয়া হয় তেন্তে জনজাতিসকলৰ স্বশাসনৰ অৰ্থ নাথাকিব৷ ক্ষমতা বিকেন্দ্ৰীকৰণ অথবা ফেডাৰেল ব্যৱস্থা অৰ্থহীন হ’ব৷ মই শেষলৈকে মোৰ স্থিতিত আপোচহীন হৈ থাকিলোঁ আৰু ভোটিং দাবী কৰিলোঁ৷ মোক কোনেও সমৰ্থন নিদিলে আৰু শাসক দলৰ একাংশ বিধায়কে ভাল টিটকাৰি মাৰিলে৷ মই এই জনজাতিসমূহৰ স্বায়ত্তশাসন সংবিধানসন্মত হ’ব লাগে বুলি দাবী কৰিলো আৰু ৬ জনগোষ্ঠীৰ লগতে নাথ-যোগী আৰু কলিতাসকলক জনজাতিৰ মৰ্যাদা দি অসমৰ জনজাতি ৰাজ্য ঘোষণা কৰাৰ লগতে সংবিধানৰ ৩৭১ক অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্য দাবী কৰিলো৷ দ্বিতীয়খন বিল আহিছিল পৌৰসভাৰ কৰ্মচাৰীসকলৰ চাকৰি প্ৰাদেশীকৰণ সম্পৰ্কত৷ কি অদ্ভুত বিধেয়ক/ প্ৰাদেশীকৰণৰ পাছত কৰ্মচাৰীৰ দৰমহা আধা মানলৈ কমিব, পেন্সনো NPত্ৰ অনুসৰিহে পাব, অৱসৰৰ পাছত পদসমূহো বিলোপ কৰি দিয়া হ’ব৷ ইয়াতো অকলে অকলে ভোটৰ দাবী কৰিলোঁ৷ হাৰিলোঁ৷ চৰকাৰী পক্ষৰ তাচ্ছিল্যত মন বেয়া কৰি অকলে অকলে ওলাই আহিলোঁ৷ বিধান সভাত মই বৰ অকলশৰীয়া৷ বোধহয় সামাজিক-ৰাজনৈতিক জীৱনতো/’ বিধায়ক অখিল গগৈৰ এনে পোষ্টক লৈ বিভিন্ন সংবাদ মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাৰ পাছতে বিধায়ক অখিল গগৈক সান্তনা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়–এটা দলৰ নেতা কোনো দিন অকলশৰীয়া নহয়৷ তেওঁৰ পাছত এটা দল আছে৷ জনসাধাৰণৰ কাম কৰিলে তেওঁৰ লগত জনসাধাৰণ আছে৷ বিধানসভাত যেতিয়া যথাযথভাৱে প্ৰশ্ন কৰে আমি আছোঁ৷ আজিও মই এই কথা প্ৰমাণ কৰিছোঁ৷ তেওঁৰ জলসিঞ্চন বিভাগৰ প্ৰশ্নৰ ক্ষেত্ৰত দিয়া মন্ত্ৰীৰ উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰিছোঁ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এই প্ৰসংগত কয়– তেওঁ নিজক অকলশৰীয়া বুলি কিয় ভাবিছে নাজানো৷ তেওঁ কালি সংশোধনী প্ৰস্তাৱৰ ক্ষেত্ৰত কি কৰিব লাগে সুধিছিল৷ আমি পৰামৰ্শ দিয়াৰ উপৰি সমৰ্থন জনাম বুলি কৈছোঁ৷ মোক সোধাখিনিৰ যিখিনি জানো লগে লগে কৈছো আৰু নজনাখিনি আন জ্যেষ্ঠ বিধায়কক শুধি পৰামৰ্শ দিছোঁ৷ উল্লেখ্য বিধায়ক অখিল গগৈৰ ভূমিকাক সন্দেহ প্ৰকাশ কৰি বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে কেতবোৰ মন্তব্য কৰিছে৷ দলৰ বহু নেতাই বিধায়ক অখিল গগৈৰ কাম-কাজক লৈ সমালোচনা কৰিছে৷ বিশিষ্ট বুদ্ধিজীৱী গোহাঁইৰ এনে মন্তব্যৰ পাছত ৰাইজৰ দলৰ হৈ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ড॰ গোহাঁইক উদ্দেশ্যি লিখিছে দুুপৃষ্ঠাজোৰা দীঘলীয়া পত্ৰ৷ পত্ৰখনৰ জৰিয়তে তেওঁ গোহাঁইৰ বক্তব্যত মৰ্মাহত হোৱা বুলি উল্লেখ কৰে৷


বিৰোধী ঐক্যৰ বাবে প্ৰচেষ্টা অব্যাহত আছেঃ  গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  ২০২৬ চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সম্পূৰ্ণ সাজু আছে৷ বিজেপি দলে যিমানেই অন্যায়, অপপ্ৰচাৰ আৰু শক্তি প্ৰদৰ্শন নকৰক কিয় তাক প্ৰতিৰোধ কৰিবলৈ কংগ্ৰেছ দল সাজু৷ – যোৱা নিশা যোৰহাট পৌৰসভাৰ ১০নং ৱাৰ্ডত অনুষ্ঠিত এখন নাগৰিক সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে এইদৰে কয়৷ বিৰোধী দলৰ ঐক্য মৰ্চা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে কংগ্ৰেছ দলে সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰি আগবাঢ়িব বিচাৰে৷ অৱশ্যে কেৱল মিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ’ব৷ তাৰ বাবে কংগ্ৰেছ দলে নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব, যাতে নিৰ্বাচনত বিৰোধী দলৰ বন্ধুসকলকো সহায় কৰিব পাৰি৷ অৱশ্যে, আপ আৰু তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত অকলশৰে নিৰ্বাচন খেলাৰ প্ৰসংগ উত্থাপন কৰি সাংসদ গগৈয়ে কয় যে আন দলসমূহৰ লগত বুজাপৰা কৰাৰ বাবে কংগ্ৰেছে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ মিত্ৰতাৰ বাবে এৰা ধৰা কৰিবই লাগিব বুলি উল্লেখ কৰি সাংসদ গগৈয়ে পঞ্চায়ত, ৰাভা হাছং আৰু বিটিএডি নিৰ্বাচনক গুৰুত্ব সহকাৰে লৈ আগবাঢ়িব, কিন্তু ২০২৬ চনত আচল খেলা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য, সাংসদ গৌৰৱ গগৈয়ে দুদিন ধৰি যোৰহাট বিধানসভা সমষ্টিত এলানি জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ বুধবাৰৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অধীনত তেওঁ দুয়োটা দিনতে কেবাখনো সভাত অংশগ্ৰহণ কৰে৷