এইবাৰ ৰাইজৰ দলৰ চিঠি ড॰ গোহাঁইলৈ
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৮ মাৰ্চঃ ‘কংগ্ৰেছৰ লগত আমাৰ মতাদৰ্শগত বৃহৎ পাৰ্থক্য থকা সত্ত্বেও কেৱল আৰু কেৱল সাম্প্ৰদায়িক ফেঁচীবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ৰাইজৰ দলে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ’ব খোজোঁ৷ ২০২৬ চনত বিজেপিক পৰাভূত কৰিবলৈ আমি বদ্ধপৰিকৰ৷’ –এই ভাষ্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ৷ বিশিষ্ট বুদ্ধিজীৱী তথা ৰাজ্যৰ বিৰোধী ঐক্যৰ অন্যতম প্ৰধান দিগদৰ্শক ড॰ হীৰেন গোহাঁয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কৰা এটা মন্তব্যক কেন্দ্ৰ কৰি সৰ্বত্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ড॰ গোহাঁইলৈ প্ৰেৰণ কৰা এখন পত্ৰত ৰাইজৰ দলৰ সাধাৰণ সম্পাদকজনে এইদৰে উল্লেখ কৰে৷ ‘ৰাইজৰ দল আৰু অখিল গগৈ সম্পৰ্কত ড॰ হীৰেন গোহাঁই ছাৰৰ মন্তব্য’ শীৰ্ষক পত্ৰখনত এনেদৰে উল্লেখ কৰা হৈছে– ‘নমস্কাৰ গ্ৰহণ কৰিব৷ ‘আমাৰ অসম’ কাকতত ৬ মাৰ্চ, ২০২৫তাৰিখে আপোনাৰ এক বক্তব্য প্ৰকাশ পাইছে৷ বাতৰিটোৰ শিৰোণাম হ’ল ‘অখিলৰ গতি-বিধি আমি বুজি নাপাওঁঃ ড॰ গোহাঁই...’৷ বাতৰিটোত প্ৰকাশ পাইছে এনেকৈ– ‘তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুত নাপাওঁ৷ কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়৷ সেইটোৱে সমস্যাৰ সৃষ্টি কৰে৷ তেওঁ এতিয়া বিজেপি-কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে৷ সেইটো নিৰ্বাচনী কচৰৎ হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল৷’ এই বাতৰিকাকতত প্ৰকাশিত বক্তব্যটো দেখাৰ লগে লগে আমি আচলতে আচৰিত হোৱাৰ লগতে যথেষ্ট মৰ্মাহত হৈছোঁ৷ গোহাঁই ছাৰৰ যদি কিবা ক’বলগীয়া আছিল সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ প্ৰকাশ নকৰি আমাৰ দলৰ সভাপতি অথবা দলৰ নেতৃবৃন্দক ব্যক্তিগতভাৱে মাতি নি ক’লে আমি ভাল পালোঁহেঁতেন৷ কাৰণ আপোনাৰ লগত আমাৰ সম্পৰ্ক কেইবাদশক ধৰি৷ অসমৰ সমাজ জীৱনত, অসমৰ সংকটকালত সকলো সময়তে আপুনি বলিষ্ঠ ভূমিকা লৈ আহিছে৷ চৰকাৰৰ জনগণবিৰোধী পদক্ষেপৰ বিৰুদ্ধে আপুনি সদায় দৃঢ়ভাৱে মাত মাতি আহিছে আৰু অসমৰ জনগণক দিক্দৰ্শন কৰাৰ লগতে আমাকো এইক্ষেত্ৰত উৎসাহ যোগাই আহিছে৷ শেহতীয়াকৈ আপোনাৰ নেতৃত্বতে বুদ্ধিজীৱী সমাজে বিৰোধী ঐক্য লগ লগোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে৷
১ মাৰ্চ, ২০২৫তাৰিখে বুদ্ধিজীৱী সমাজৰ নেতৃত্বত সোণাপুৰৰ ‘‘আতিথ্য ৰিজ’ৰ্ট”ত অসমৰ বিৰোধী ৰাজনৈতিক দলে অংশগ্ৰহণ কৰা সভাখনত সকলো দলেই ইচ্ছ্য়ুভিত্তিক বক্তব্য ৰাখিছিল৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই পূৰ্বৰ তিক্ততাপূৰ্ণ কথাবোৰ পৰিহাৰ কৰি বিৰোধী ঐক্যৰ প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে বুলি কৈছিল৷ সভাখনত আমাৰ দলৰ সভাপতিৰ নিৰ্দেশমৰ্মে মই বক্তব্য প্ৰদান কৰিছিলোঁ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সকলো দলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ বক্তব্যত কাকোৱে ব্যক্তিগত আক্ৰমণ নকৰি ইচ্ছু্যভিত্তিক বক্তব্য ৰখাৰ বিপৰীতে একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি সাংসদ প্ৰদ্য়ুৎ বৰদলৈ ডাঙৰীয়াই সভাখনৰ বিষয়বস্তুৰ পৰা আঁতৰি ব্যক্তিগতভাৱে অখিল গগৈ ডাঙৰীয়াৰ নাম লৈ আক্ৰমণ কৰিছিল৷ যাৰ ফলত অখিল গগৈ ডাঙৰীয়াই সভাত উপস্থিত আন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছিল৷ কংগ্ৰেছৰ সাংসদজনে অগণতান্ত্ৰিকভাৱে সংবাদ মাধ্যমৰ উপস্থিতিত কি অজ্ঞাত কাৰণত সভাস্থলী ত্যাগ কৰি সকলো বিৰোধী ৰাজনৈতিক দলক সংবাদ মাধ্যমৰ সন্মুখত অস্বস্তিত পেলালে সেইটো আমি বুজিবলৈ সক্ষম নহ’লোঁ৷ সাংসদজনে ব্যক্তিগতভাৱে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈহে অখিল গগৈ ডাঙৰীয়াই সভাখনত বক্তব্য ৰাখিব লগা হৈছিল৷ পৰৱৰ্তী সময়ত এই ঘটনা সম্পৰ্কে কিছুসংখ্যক সংবাদ মাধ্যমে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাঙুৰি কিছু নেতিবাচক বাতৰি পৰিৱেশন কৰা আমি প্ৰত্যক্ষ কৰিছোঁ৷ যাৰ ফলত ১ মাৰ্চৰ সভাখনৰ সফলতা আৰু বিফলতাক লৈ ৰাইজৰ দল আৰু দলৰ সভাপতি সম্পৰ্কে কিছুসংখ্যক লোকৰ মাজত এটা ভুল বাৰ্তা গৈছে৷ যাৰ বাবে ছাগে ছাৰ আপুনিও আমাৰ প্ৰতি ভুল ধাৰণা গঢ়ি উঠাৰ বাবে এই বক্তব্যখিনি সংবাদ মাধ্যমত ব্যক্ত কৰিছে৷ সেইবাবে অনিচ্ছাকৃতভাৱে হ’লেও এই কথাখিনি মুকলিভাৱে ব্যক্ত কৰাৰ বাবে বাধ্য হ’লোঁ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ৰ মাৰ্চৰ সভাখনত আপোনালোকৰ পৰামৰ্শ মতে, ৰাইজৰ দলে ততাতৈয়াকৈ ২মাৰ্চৰ দিনাখন দলৰ কৰ্ণধাৰ পাতি সিদ্ধান্ত লৈছিলোঁ যে বিৰোধী ঐক্যৰ মাজত যাতে আগন্তুক দিনত কোনো বিভ্ৰান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে দলৰ সকলো সতীৰ্থক কোনো ৰাজহুৱা বক্তব্য নাৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল৷ যিটো কথা ইতিমধ্যে দলৰ সভাপতিয়ে ৪ মাৰ্চৰ দিনা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছিল৷ ছাৰ, আপুনি সিদিনাৰ সভাখনত উপস্থিত নাছিল৷ সেইবাবে প্ৰদু্যৎ বৰদলৈৰ বক্তব্য, তেওঁৰ শাৰীৰিক ভাষা আৰু আৰু তেওঁ আকস্মিক সভা ত্যাগৰ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিব পৰা নাছিল৷ সেইবাবে এই প্ৰেক্ষাপটতো উলাই কৰি আপুনি সংবাদ মাধ্যমত যি বক্তব্য দাঙি ধৰিছে এয়া নিশ্চিতভাৱে আমাৰ গ্ৰহণযোগ্য নহয়৷ আমি ভাবোঁ, সভাত এনে কোনো বিশেষ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল যি কাৰণত সাংসদজনে সভাস্থলী ত্যাগ কৰিব লাগে৷ যদিহে সাংসদজনে সভা ত্যাগ নকৰিলেহেঁতেন, সংবাদ মাধ্যমত সেই দৃশ্য নোলালহেঁতেন তেন্তে সিদিনাৰ সভা নিশ্চিতভাৱে এখন অতি সফল সভা হ’লহেঁতেন৷ শেষত আমি পুনৰ দৃঢ়ভাৱে জনাওঁ যে কংগ্ৰেছ দলৰ লগত আমাৰ মতাদৰ্শগত বৃহৎ পাৰ্থক্য থকা স্বত্ত্বেও কেৱল আৰু কেৱল সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ৰাইজৰ দলে ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ’ব খোজোঁ৷ ২০২৬ চনত বিজেপিক পৰাভূত কৰিবলৈ আমি বদ্ধপৰিকৰ৷’






