Logo
image

মঙলমুখী ষ্টাৰশ্বিপ বিধবস্ত, পতন ইলন মাস্কৰ সাম্ৰাজ্যৰো

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ মাৰ্চঃ  ড’নাল্ড ট্ৰাম্পৰ চৰকাৰী বিভাগৰ মুৰব্বীৰ দায়িত্ব লোৱাৰ পাছৰ পৰা ইলন মাস্কৰ ব্যৱসায়িক সাম্ৰাজ্য ক্ৰমাৎ অধঃপতিত হৈছে৷ সম্প্ৰতি ইলন মাস্কৰ গড়ে দৈনিক লোকচান হৈছে প্ৰায় ১৩ হাজাৰ কোটি টকাকৈ৷ এনেদৰে ভয়ংকৰ লোকচানৰ সন্মুখীন হৈ  থকাৰ সময়তে শুকুৰবাৰে ইলন মাস্ক নেতৃত্বাধীন স্পেচএক্সৰ মঙলগ্ৰহ অভিমুখী ৰকেট ষ্টাৰশ্বিপ ফ্লাইট-৮ মহাকাশতে বিস্ফোৰিত হৈ ভূপতিত হৈছে৷ কোনো কাৰণতে বিশ্বৰ আটাইতকৈ ধনী উদ্যোগপতিজনৰ দিন ভালে যোৱা নাই৷ উল্লেখ্য শুকুৰবাৰে ষ্টাৰশ্বিপৰ বিস্ফোৰণ ঘটি ধবংস হোৱাৰ ঘটনা ইলন মাস্ক নেতৃত্বাধীন স্পেচএক্স কোম্পানীৰ উপৰ্যুপৰি মহাকাশত দ্বিতীয়টো ব্যৰ্থতা৷ কিছুদিন পূৰ্বে ইলন মাস্কৰ স্পেচএক্সৰ আন এটা মহাকাশ অভিমুখী ৰকেট মাজ আকাশতে বিস্ফোৰিত হৈ ধবংস হৈছিল৷  ড’নাল্ড ট্ৰাম্পে ইলন মাস্কক তেওঁ দায়িত্বভাৰ লৈয়েই নতুনকৈ আৰম্ভ কৰা ‘ডজ’ নামৰ বিভাগটোৰ মুৰব্বীৰ দায়িত্ব দিছিল৷ মাস্ক নেতৃত্বাধীন এই বিভাগৰ দায়িত্ব হৈছে দেশখনৰ অযথা হৈ থকা ব্যয় হ্ৰাস কৰা৷ মাস্কৰ পৰামৰ্শ শুনি ড’নাল্ড ট্ৰাম্পে এতিয়া ইখনৰ পাছত সিখন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছে৷ ফলত বিশ্বৰ অধিকাংশ আগশাৰীৰ দেশৰ শত্ৰু হৈ পৰিছে ট্ৰাম্প৷


এনে সময়তে উপৰ্যুপৰি ব্যৱসায়িক লোকচানৰ সন্মুখীন হৈ থকা উদ্যোগপতি ইলন মাস্কৰ বিভিন্ন কোম্পানীৰ বিৰুদ্ধে আমেৰিকাত সংগঠিত ৰূপত আন্দোলন গঢ় লৈ উঠিছে৷ আনকি মাস্কৰ  টেছলা গাড়ী কোম্পানীও প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ ভাবুকি দিছে৷ এনে বিৰূপ পৰিস্থিতিৰ মাজত বিগত দুমাহ ধৰি একেৰাহে লোকচানৰ সন্মুখীন হৈছে ইলন মাস্কৰ ব্যৱসায়িক সাম্ৰাজ্য৷ ২০২৫ চনত মাত্ৰ কেইদিনমানৰ ভিতৰতে তেওঁ ১০২ বিলিয়ন ডলাৰৰ (ভাৰতীয় টকাৰ হিচাপত ৮.৮৮ লাখ কোটি) ধন হেৰুৱাইছে৷ ইয়ো এক বিশ্বাভিলেখ৷ কিয়নো মাত্ৰ কেইটামান দিনতে ইমান বৃহৎ পৰিমাণৰ ধন হেৰুওৱা বিশ্বৰ প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হৈছে তেওঁ৷ বৃহস্পতিবাৰে মাস্কৰ লোকচান হয় ১০.৯ বিলিয়ন ডলাৰ৷ তেওঁ এইবছৰ প্ৰতিদিনে গড়ে ১.৫ বিলিয়ন ডলাৰ অৰ্থাৎ ১৩ হাজাৰ কোটি টকাকৈ হেৰুৱাইছে৷ তথাপি তেওঁ এতিয়াও হৈ আছে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি৷ কাৰণ তেওঁৰ ওচৰত আছে ৩৩০ বিলিয়ন ডলাৰৰ সাম্ৰাজ্য৷ ব্লুমবাৰ্গৰ মতে মাস্কৰ ইলেক্ট্ৰনিক কাৰ কোম্পানী টেছলাৰ শ্বেয়াৰ মূল্য হ্ৰাস পোৱাৰ ফলতে তেওঁ এনে ক্ষতিৰ সন্মুখীন হৈছে৷ বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰ মূল্য পাঁচ শতাংশৰো অধিক হ্ৰাস পায়৷ এটা সময়ত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৩৩ বিলিয়ন ডলাৰ হৈছিলগৈ৷ কিন্তু এতিয়া সেয়া হ্ৰাস পাই ৩৩০ বিলিয়ন ডলাৰ হয়গৈ৷ অৱশ্যে কেৱল মাস্কেই নহয়, এই বছৰ বিশ্বৰ প্ৰযুক্তি প্ৰায়বোৰ প্ৰযুক্তি কোম্পানীৰ মুৰব্বীয়েই লোকচানৰ সন্মুখীন হৈছে৷