
হিতাধিকাৰী আঁচনি, নতুন পথ নিৰ্মাণেই প্ৰাধান্য পাব বাজেটত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব৷ দিনৰ ১১-৩০ বজাত বিত্তমন্ত্ৰী নেওগে বিধানসভাত চলিত বৰ্ষৰ পূৰ্ণাংগ সাধাৰণ বাজেট দাখিল কৰিব৷ ইতিমধ্যে এই বাজেটক লৈ বিভিন্ন পক্ষৰ মাজত উৎকণ্ঠা আৰম্ভ হৈছে৷ সকলোৰে এটাই জিজ্ঞাসা– কি থাকিব অজন্তাৰ বাজেটত৷ যিহেতু ২০২৬ৰ এপ্ৰিল-মে’ত ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব, গতিকে এইখনেই হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট৷ আগন্তুক বৰ্ষত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব পাৰিব যদিও সাংবিধানিক নিয়ম অনুসৰি কেৱল অন্তৰ্ৱৰ্তীকালীন বাজটহে তেওঁ দাখিল কৰিব পাৰিব৷ যিহেতু সন্মুখত আছে বিধানসভাৰ নিৰ্বাচন, গতিকে এইবাৰৰ বাজেটত নি(য়কৈ ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ থাকিব বহুতো লোভনীয় অফাৰ৷ কাৰ্যতঃ
বাজেটক লৈ উৎসাহৰ অন্ত নাই বিজেপি দল চৰকাৰৰ৷ ইতিমধ্যে বিত্তমন্ত্ৰীয়ে বিজেপি দলৰ লগতে বিধায়কসকলৰ সৈতেও ভাগে ভাগে অনুষ্ঠিত কৰিছে মন্থন বৈঠক৷ খোদ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো অজন্তা নেওগৰ সৈতে যৌথভাৱে অনুষ্ঠিত কৰিছে বাজেটকেন্দ্ৰিক আলাপ-আলোচনা৷ মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে সংবাদমেলত সদৰী কৰিছে যে এইবাৰ বাজেটত স্নাতক উত্তীৰ্ণ হৈ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ৰাজ্যৰ নিবনুৱাৰ বাবেও থাকিব পাৰে বিশেষ মাহিলী হাত খৰচৰ পুঁজি৷ একেদৰে ৰাজ্যৰ প্ৰতিখন গাঁৱৰ উন্নয়নৰ বাবে চৰকাৰে দিব পাৰে এক কোটিকৈ টকা৷ ৰাজ্যিক কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয় কৰাৰ বাবেও দিব পাৰে বিশেষ পুঁজি৷ অৰুণোদয় হিতাধিকাৰী, আত্মসহায়ক গোটৰ মহিলা, নিবনুৱা যুৱক আদিৰ বাবে বাজেটত থাকিব পাৰে মনমোহিনী হিতাধিকাৰী আঁচনি৷ একেদৰে নতুন পথ-দলং নিৰ্মাণৰ ক্ষেত্ৰতো বাজেটত থাকিব বিশেষ প্ৰাধান্য৷ ইফালে সোমবাৰে দাখিল হ’বলগীয়া বাজেট সন্দৰ্ভত মন্তব্য কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে দেওবাৰে সাংবাদিকৰ আগত এনেদৰে কয়–‘ভাল বাজেট এখন দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ৷ বাজেটত সামগ্ৰিকভাৱে অসমৰ সমস্যা বিলাকে স্থান পাব৷ বাজেটত মহিলা, যুৱকক বিশেষ গুৰুত্ব দিয়া হ’ব৷ দৰিদ্ৰ লোকসকলকো গুৰুত্ব দিয়া হ’ব৷ সামগ্ৰিকভাৱে আমি অসমখনক কেনেদৰে এখন ভাল ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰো ইয়াৰ প্ৰয়াস প্ৰতিফলিত হ’ব৷’