Logo
image

মানসিক চাপত আক্ৰান্ত হ’লে এইকেইটা লক্ষণে দেখা দিয়ে

বিভিন্ন কাৰণত মানসিক চাপত আপুনি আক্ৰান্ত হ’ব পাৰে৷ যাৰ বাবে মানসিক স্থিতিশীলতা বিনষ্ট হয়৷ শৰীৰত এই কেইটা লক্ষণে দেখা দিলেই জানিব আপুনি মানসিক চাপত আক্ৰান্ত হৈছে৷ 

ভাগৰুৱা ভাবঃ  গোটেই দিনটো যদি ভাগৰুৱা যেন অনুভৱ হয় সেয়া হ’ল মানসিক চাপৰ লক্ষণ৷ কোনো ধৰণৰ কাম নকৰিলেও ভাগৰুৱা যেন অনুভৱ হ’ব পাৰে৷ কেতিয়াবা সাধাৰণ কোনো এটা কাম কৰাৰ পাছতো বহুত ভাগৰুৱা যেন লাগিব পাৰে৷

বিৰক্তি ঃ   সকলো সময়তে যদি বিৰক্তি অনুভৱ কৰে, সেয়াও মানসিক চাপৰ লক্ষণ৷ 

সহজেই ভোক লগাঃ  কেতিয়াবা এনে হয় সম্পূৰ্ণ খাদ্য গ্ৰহণ কৰাৰ পাছতো একো নোখোৱাৰ নিচিনা অনুভৱ হ’ব পাৰে৷ এয়াও হ’ব পাৰে মানসিক চাপৰ লক্ষণ৷ 

মূৰৰ বিষঃ  মূৰৰ বিষত আক্ৰান্ত হ’লে এয়া কেৱল শাৰীৰিক অসুস্থতাৰ লক্ষণে নহয়, ই মানসিক চাপৰ উপসৰ্গ হ’ব পাৰে৷

হূদস্পন্দন বৃদ্ধিঃ  কেতিয়াবা হঠাৎ অকাৰণতে হূদস্পন্দন বৃদ্ধি পোৱাৰ দৰে অনুভৱ হ’ব পাৰে৷ এয়াও এক মানসিক চাপৰ লক্ষণ৷

মানসিক চাপৰ পৰা কিদৰে মুক্ত হ’ব পাৰিঃ  আধুনিক জীৱন অতি ব্যস্ততাপূৰ্ণ হৈ পৰাৰ ফলত মানুহ মানসিক চাপত আক্ৰান্ত হ’ব পাৰে৷ যাৰ বাবে দৈনন্দিনৰ কাম-কাজত বিভিন্ন বাধাৰ সৃষ্টি হয়৷ 


(১) সেই বাবে ৰাতি অতি কমেও আঠ ঘণ্টা শোৱাৰ অভ্যাস কৰক৷ 

(২) ইয়াৰ সমান্তৰালভাৱে পুৱা সোনকালে  উঠি শৰীৰ চৰ্চাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ 

(৩) প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ আহাৰ অন্তৰ্গত কৰক৷ 

(৪) ইয়াৰ উপৰি নিয়মিত বিশ্ৰাম লোৱাৰ প্ৰয়োজন৷ 

(৫)  দিনটোত কমেও এবাৰ পৰিয়াল বা বন্ধুৰ সৈতে মুকলিমুৰীয়াকৈ কথা পতাৰ অভ্যাস গঢ়ি তোলক৷ মানসিক চাপৰ পৰা মুক্ত হ’বৰ বাবে সদায় মুকলি মনেৰে যিকোনো ধৰণৰ সমস্যা বন্ধু বা পৰিয়ালৰ সৈতে আলোচনা কৰিব লাগে৷ কেতিয়াবা কৰ্মক্ষেত্ৰত বেছিকৈ জড়িত হোৱাৰ ফলতো মন ভাগৰুৱা যেন অনুভৱ হ’ব পাৰে৷ যাৰ ফলত কামৰ প্ৰতি স্পৃহা হ্ৰাস পায়৷ এনেধৰণৰ অনীহাই মন ভাৰাক্ৰান্ত কৰি তুলিব পাৰে৷ কেতিয়াবা অভাৱ-অনাটনেও মানুহক জুৰুলা কৰে৷ যাৰ ফলত ক’ব নোৱৰাকৈয়ে মানসিক চাপ বৃদ্ধি পাব পাৰে৷ দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷