
বিৰোধীৰ ভূমিকা ল’বলৈ সাজু থাকক
‘আমাৰ অসম’ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মাৰ্চঃ এলিজাবেথ কলবাৰ্ণৰ পাকিস্তান লিংকৰ তদন্ত কৰি, আই এছ আইৰ যোগসূত্ৰ বিচাৰি দিল্লীৰ পৰা পঞ্জাবলৈ চলাথ কৰিলে অসম চৰকাৰে গঠন কৰি দিয়া স্পেচিয়েল ইনভেষ্টিগেছন টীমে [এছ আই টি]৷ পঞ্জাৱ-দিল্লীৰ অভিযান সামৰি এছ আই টিয়ে অসমত ভৰি থোৱাৰ ৪৮ ঘণ্টা পাৰ হ’ল৷ কিন্তু তাৰ পাছতো নিশ্চুপ এছ আই টি, নিশ্চুপ শীঘ্ৰেই গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্তত ‘হাতী’ ওলাব বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নিশ্চুপ তেওঁৰ সাংগোপাংগসকল৷ কেৱল গোৱাল গালিৰে সন্তুষ্ট গেৰুৱা বাহিনী৷ এছ আই টি আৰু শাসকীয় দলৰ ৰাজনৈতিক নেতাসকল নিশ্চুপ যদিও সৰৱ সাংসদ গৌৰৱ গগৈ৷ তেওঁ কাৰ্যতঃ এছ আই টিক প্ৰত্যাহ৩ান জনাই কয়– এছ আই টি আগবাঢ়ি থাকক৷ তেওঁলোকে মোক মাতক৷ মই নিজেই আহি যাম৷ ক’লৈ যাব লাগে কৈ দিয়ক৷ মোক চাহ খুৱাব নালাগে৷ মই নিজে তদন্তত হাজিৰ হ’ম৷ মই য’লৈকে যাব লাগে তালৈকে যোৱাত আপত্তি নাই৷ উল্লেখ্য, যি দুজন লোকে প্ৰথমে এক্স হেণ্ডলত পোষ্ট কৰি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল সেই দুয়োজন বিতৰ্কিত ব্যক্তি৷
অসমৰ ৰাইজক বিপদে আৱৰি ধৰিছেঃ মীৰা বৰঠাকুৰ
‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ ‘অসমৰ যুৱ ভৱিষ্যতৰ সন্মুখত থকা সাংঘাতিক বিপদ হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ আপদ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা মন্ত্ৰীসকল’৷ নলবাৰীত আজি এই মন্তব্য কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী মীৰা বৰঠাকুৰে৷ নলবাৰীৰ ৰাজীৱ ভৱনত আজি নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিতুমনি দেৱীৰ সভাপতিত্বত অনুষ্ঠিত এখন মহিলা কৰ্মীৰ সাংগঠনিক সভাত উপস্থিত থাকি কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে অসমৰ ৰাইজক এতিয়া আপদ আৰু বিপদে আৱৰি ধৰিছে৷ মুখ্যমন্ত্ৰীয়ে অসমত আন্দোলন নাই বুলি কয়, কিন্তু আমি যদি গুৱাহাটীৰ চচললৈ যাও তেনেহ’লে তাত প্ৰাপ্যৰ দাবীত আশাকৰ্মী, এনআৰএইচএম, গোপাল মিত্ৰ, বিশুদ্ধ খোৱাপানী, এপিডিচিএল, স্কুলৰ শিক্ষক, অটো চালক, ৰিক্সাচালক, দিব্যাংগসকলে নিজৰ নিজৰ প্ৰাপ্য বিচাৰি আন্দোলন অব্যাহত ৰাখিছে৷ বিগত এটা বৰ্ষত অসমত ৯০০ হত্যাকাণ্ড হৈছে, ১১০০ ধৰ্ষণৰ বলি হোৱাৰ লগতে ৩০০০ মহিলাক অপহৰণ কৰা হৈছে বুলি তথ্যভিত্তিক অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে৷ তেওঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে৷ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ অসমৰ ৰাইজে চ্ছত বিজেপিক চাফা কৰিব বুলি দাবী কৰি সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ভাল ফলাফল হ’ব, ৰাভা হাছঙত ত কংগ্ৰেছৰ ভাল ফলাফল হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ ইফালে উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰীতম সিঙক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মীৰা বৰঠাকুৰে আৰক্ষীক অপব্যৱহাৰ কৰাটো উচিত হোৱা নাই বুলি মন্তব্য কৰে৷ আজিৰ সভাত বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদু্যৎ ভূঞা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈ, কংগ্ৰেছ নেতা ৰাতুল কলিতা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, কংগ্ৰেছ নেতা উদ্দীপন পাটোৱাৰীকে ধৰি বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে৷