
ডব্লিউ পি এলত মুম্বাই ইণ্ডিয়ানছ চেম্পিয়ন
মুম্বাই, ১৬ মাৰ্চঃ দিল্লী কেপিটেলছক পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে মহিলাৰ প্ৰিমিয়াৰ লীগৰ [ডব্লিউ পি এল] খিতাপ জয় কৰিছে মুম্বাই ইণ্ডিয়ানছে৷ দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ শক্তিশালী প্ৰদৰ্শনে মুম্বাইৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছে আঠ ৰানত জয় অৰ্জন কৰে৷ দিল্লীৰ সন্মুখত লক্ষ্য আছিল ১৫০ ৰানৰ৷ দলটোৱে নিৰ্ধাৰিত অভাৰত সকলো কেইটা উইকেট হেৰুৱাই ১৪১ ৰান হে কৰিবলৈ সক্ষম হয়৷ মাৰিজানে কাপে দিল্লীৰ হৈ সৰ্বাধিক ৪০ ৰান কৰে৷
জেমিমা ৰড্ৰিগুৱেজ বেটৰ পৰা আহে ৩০১ৰান৷ ২৫ ৰানত অপৰাজিত থাকে নিকি প্ৰসাদ৷ মুম্বাইৰ হৈ নাট ছিভাৰ-ব্ৰাণ্টে তিনিটা আৰু এমেলিয়া কেৰে দুটা উইকেট হস্তগত কৰে৷ ইয়া আগেয়ে প্ৰথমে বেট ধৰি হৰমনপ্ৰীত কৌৰৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত সাতটাউইকেট হেৰুৱাই ১৪৯ ৰান কৰিছিল মুম্বাই ইণ্ডিয়ানছে৷ কৌৰৰ ৪৪ টা বলৰ ইনিংছত আছিল ৯টা চাৰি আৰু দুটা ছয়৷ নাট ছিভাৰ-ব্ৰাণ্টে কৰে ৩০ ৰান৷ দিল্লীৰ হৈ দুটাকৈ উইকেট লাভ কৰে মাৰিজানে কাপ, জেছ জোনাছেন আৰু এন চাৰানিয়ে৷