Logo
image

পুনৰ শিক্ষকৰ বদলি প্ৰক্ৰিয়া আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মাৰ্চঃ  পুনৰ আৰম্ভ হ’ব শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া কাইলৈ অৰ্থাৎ মঙলবাৰৰ পৰা মুকলি কৰা হ’ব শিক্ষক বদলিকৰণ প’ৰ্টেল৷ ১০ বছৰ বা ততোধিক সময় চাকৰি কৰা শিক্ষক-শিক্ষয়িত্ৰীয়ে উক্ত প’ৰ্টেলৰ জৰিয়তে  আন্তঃজিলা বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব৷ দিব্যাংগ লোকে দুবছৰ চাকৰি কৰিলেই আন্তঃজিলা পৰ্যায়ত বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ সোমবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা, অসমৰ সদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি শিক্ষামন্ত্ৰী পেগুৱে আৰু কয়– গ্ৰীষ্মবন্ধত শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে৷ বদলিৰ কাৰণে আবেদনৰ অন্তিম দিন ৩০ এপ্ৰিল৷ এই প্ৰক্ৰিয়াত পাৰস্পৰিক বদলিক অগ্ৰাধিকাৰ দিয়া হ’ব৷ নিজৰ জটিল ৰোগ, সন্তান, পত্নী আৰু স্বামীৰ জটিল ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত বদলিকৰণত গুৰুত্ব দিয়া হ’ব৷

নৱনিযুক্ত শিক্ষকেও পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ আবেদনৰ পাছতো পূৰ্বে বদলিকৰণ নোহোৱা শিক্ষক-শিক্ষয়িত্ৰীয়ে বদলিকৰণৰ বাবে পুনৰ আবেদন কৰিব লাগিব৷ ২০১৭ চনৰ বদলিকৰণ আইন অনুসৰি কৰা হ’ব বদলিকৰণ৷ এই প’ৰ্টেলৰ মাধ্যমেৰে বৰ্তমানলৈ ৩৩,২৯৭জন শিক্ষকক বদলি কৰা হৈছে৷ প্ৰসংগক্ৰমে শিক্ষামন্ত্ৰী পেগুৱে কয়– বিদ্যালয়ত ধনৰ অভাৱত ৰিপ’ৰ্টকাৰ্ড দিয়া হোৱা নাই বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ এয়া সঁচা নহয়৷ শিক্ষা বিভাগৰ পুঁজি আহৰণ প্ৰক্ৰিয়া কেতিয়াবা বছৰৰ শেষলৈ যায়৷ আগন্তুক বৰ্ষৰ পৰা বছৰৰ আৰম্ভণিতে পুঁজি আহৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব যাতে বিদ্যালয়সমূহে এনে সমস্যাৰ সন্মুখীন নহয়৷ উল্লেখ্য, ৰাজ্যৰ সমগ্ৰ শিক্ষা অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালকে এক পত্ৰযোগে প্ৰকাশ কৰিছে যে ধনৰ অভাৱত বিদ্যালয়লৈ যোগান ধৰিব পৰা নাই ৰিপ’ৰ্ট কাৰ্ড বা মূল্যায়ন বহী৷