Logo
image

১৪ হাজাৰৰো অধিক শিক্ষক নিযুক্তিৰ যো-জা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মাৰ্চঃ ‘অহা মে’ মাহৰ প্ৰথম সপ্তাহত ৯,০৭৫টা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল ছেবাই ঘোষণা কৰিব৷ ইয়াৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্বন হ’ব৷ আনহাতে ৫,৫৫০টা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্বন এপ্ৰিল মাহত শেষ হ’ব৷ মে’ত প্ৰভিজনেশ্বল লিষ্ট ওলাব৷ অহা অক্টোবৰত স্নাতক, স্নাতকোত্তৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ ১৪,৬২৫টা শিক্ষক পদত নিযুক্তি দিয়া হ’ব৷ একেলগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহতো নিযুক্তি দিয়া হ’ব৷ ইয়াৰ পাছতো পুনৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে ফেচবুক লাইভত এই বৃহৎ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘১০ অক্টোবৰত নতুনকৈ যি শিক্ষক  পদৰ বিজ্ঞাপন ওলাব তাত ইতিমধ্যে নিযুক্তি পোৱাসকলে একে পদত পুনৰ আৱেদন কৰিব নোৱাৰিব৷ মকৰল হৈ থকা পদতকৈ উচ্ছ পদতহে আৱেদন কৰিব পাৰিব৷ সংশ্লিষ্ট শিক্ষক পদসমূহত কেতিয়া নিযুক্তি হ’ব এই কথা শিক্ষক পদৰ প্ৰাৰ্থীসকলে সুধি আছিল৷ মই তেওঁলোকৰ ধৈৰ্য, একাগ্ৰতাৰ পৰীক্ষা ল’লো৷ যিমানেই নিযুক্তিৰ দিনৰ কথা সোধে, সিমানেই ১৫ দিন আগুৱাই গৈ আছিলো৷


অৱশেষত আমি ১০ অক্টোবৰত নিযুক্তিৰ দিন নিৰ্ধাৰণ কৰিলো৷ মুখ্যমন্ত্ৰীয়ে কয় যে এ ডি আৰ ই পৰীক্ষাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ মৌখিক আৰু স্কীলটেষ্ট অহা জুন মাহত আৰম্ভ হ’ব৷ ১০ অক্টোবৰত তেওঁলোককো নিযুক্তি দিয়া হ’ব৷ নৱেম্বৰ, ডিচেম্বৰ-জানুৱাৰীত নতুন পদৰ বিজ্ঞাপন প্ৰকাশ পাব৷ অহা ২০ তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদত অনুমোদন দিব৷ ৫০ জন ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়তো প্ৰধান শিক্ষকৰ পদ দিয়া হ’ব৷ প্ৰাদেশিকীকৰণ আইনৰো সংশোধনী অনা হ’ব৷ অসম পুলিচৰ নিযুক্তিৰ দ্বিতীয় কাট অফ নোলায়৷ বছৰটোৰ শেষৰ ফালে নতুন বিজ্ঞাপন প্ৰকাশ পাব৷ এই ফেচবুক লাইভতে মুখ্যমন্ত্ৰীয়ে কয় যে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত সৰুসজাইৰ দৰে এখন বৃহৎ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ এখন চি বি এছ ইৰ স্কুল স্থাপন কৰা হ’ব৷ ভৱিষ্যতে এখন পুলিচ মেডিকেল কলেজ স্থাপন কৰা হ’ব৷