
তুলসীক গংগাজল উপহাৰ দিলে মোদীয়ে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ মাৰ্চঃ ভাৰত ভ্ৰমণৰত আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী ভাৰতীয় বংশোদ্ভৱ তুলসী গাবাৰ্ডক মহাকুম্ভৰ পৱিত্ৰ জলভৰ্তি পাত্ৰ উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ পিতলৰ এটা সুদৃশ্য কলহত পূৰ্ণকুম্ভৰ জল তুলসীৰ হাতত তুলি দিলে মোদীয়ে৷ হিন্দু ধৰ্মাৱলম্বী তুলসী গাবাৰ্ডে এই উপহাৰ লাভ কৰি তৃপ্ত বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, আমেৰিকাৰ ‘হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ’লৈ নিৰ্বাচিত হোৱা তুলসী গাবাৰ্ড প্ৰথম হিন্দু সদস্য৷
দিল্লীত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় এখন আন্তঃৰাষ্ট˜ীয় বৈঠকত ভাগ ল’বলৈ ভাৰতলৈ আহিছে মাৰ্কিন চোৰাংচোৱা প্ৰধান তুলসী গাবাৰ্ড৷ বৈঠকৰ অৱসৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ দুয়োৰে মাজত সৌজন্যমূলক বাৰ্তালাপৰ উপৰি নিৰাপত্তা সম্পৰ্কীয় আলোচনাও হয়৷ তাৰ পূৰ্বে সোমবাৰে তেওঁ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট˜ীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো সাক্ষাৎ কৰে৷ ৰাজনাথ সিঙে ভাৰতবিৰোধী খালিস্তানপন্থী সংগঠন ‘শিখ ফৰ জাষ্টিচ’ৰ প্ৰতিষ্ঠাতা গুৰপতৱন্ত সিঙৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ তুলসী গাবাৰ্ডক অনুৰোধ জনায়৷