Logo
image

হোলোঙাপাৰ গিবন অভয়াৰণ্যত 'বান্দৰ নিৰীক্ষণ'ৰ জৰিয়তে বান্দৰ সম্পৰ্কীয় সজাগতা সৃষ্টি

'আমাৰ অসম'ৰ যোৰহাটৰ সংবাদ, ১৮ মাৰ্চঃ বিচিত্ৰ কপিকুলৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উত্তৰ-পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ” (প্ৰাইমেট ৱাট্ছ)শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰে। মেকাক প্ৰজাতিৰ বান্দৰৰ সংৰক্ষণ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে উৎসৰ্গিত আন্তঃৰাষ্ট্ৰীয় মেকাক দিৱসৰ সৈতে সংগতি ৰাখি ১৬ মাৰ্চত আয়োজিত এই কাৰ্যসূচীত শিক্ষাৰ্থী, প্ৰকৃতি অনুৰাগী আৰু বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰী ব্যক্তিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা মুঠ ২০ জন লোকে অংশগ্ৰহণ কৰে। আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা নন্দিতা মেধিৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট প্ৰাইমেট বিশেষজ্ঞ তথা আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড০ দিলীপ চেত্ৰীয়ে “মেকাক”ৰ ওপৰত বিশেষ গুৰুত্বসহ অসমৰ বান্দৰ প্ৰজাতি সমূহৰ এক পৰিচয় দাঙি ধৰে।


বনাঞ্চলত বান্দৰ পর্যবেক্ষণৰ সময়ত অংশগ্ৰহণকাৰী সকলক গৱেষক অক্ষয় উপাধ্যায়ে গাইড আৰু সমল ব্যক্তি হিচাপে সহায় কৰে। অভয়াৰণ্যখনৰ ভিতৰত এই পর্যবেক্ষণৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে তিনিটা প্ৰজাতি ক্ৰমে হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ আৰু মলুৱা বান্দৰ প্ৰত্যক্ষ কৰে। ক্ষেত্ৰ পর্যবেক্ষণৰ পাছত আয়োজিত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে পৰস্পৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে ভৱিষ্যতে এনে অধিক কাৰ্যসূচীত জড়িত হ’বলৈ ইচ্ছা ব্যক্ত কৰে। যোৰহাট বন সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া নন্দ কুমাৰে (আই এফ এছ) অংশগ্ৰহণকাৰী সকলক অনুৰূপ কাৰ্যসূচীত নিয়মীয়াকৈ জড়িত হ’বলৈ উৎসাহিত কৰে। ড০ দিলীপ চেত্ৰীয়ে এই কাৰ্যসূচীৰ প্ৰতি আগবঢ়োৱা সহযোগিতাৰ বাবে আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰ আৰু যোৰহাট বন সংমণ্ডলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে অংশগ্ৰহণকাৰীসকলৰ সক্ৰিয় সহযোগিতাৰ শলাগ লয়। অনুষ্ঠানৰ অন্তত সকলো অংশগ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰি বান্দৰ নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি মৰা হয়।