Logo
image

পবিত্ৰ ঈদ উপলক্ষে দৰিদ্ৰক নতুন বস্ত্ৰ বিতৰণ সজল ফাউণ্ডেছনৰ

'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ১৮ মাৰ্চঃ বিগত এটা দশকৰ দৰে এইবেলিও পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত সজল ফাউণ্ডেছনে নতুন বস্ত্ৰ বিতৰণ কৰি আছে। ইতিমধ্যে গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু গুমা সমষ্টিত সজল ফাউণ্ডেছনে দহ হেজাৰতকৈ অধিক শাৰী আৰু লুঙী বিতৰণ কৰাৰ পাছত মঙ্গলবাৰে শ্ৰীৰামপুৰ সমষ্টিৰ ছেৰফাংগুৰীত এহেজাৰ মহিলাক শাৰী আৰু পাঁচ শতাধিক পুৰুষক লুঙী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সজল ফাউণ্ডেছনৰ মুখ্য পৰিচালন সঞ্চালক তথা বিটিচিৰ ই এম সজল সিংহ নিজে উপস্থিত থাকে। 


তেওঁ বস্ত্ৰ বিতৰণ কৰি কয় "এই কাৰ্যসূচীৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। মই বিগত দহ বছৰ ধৰি পবিত্ৰ ঈদ,পবিত্ৰ বৰদিন আৰু দুৰ্গাপূজা উপলক্ষে নতুন বস্ত্ৰ আৰু শীতৰ বতৰত কম্বল বিতৰণ কৰি আহিছো। দৰিদ্ৰ অসহায় মানুহক সহায় কৰি মই আত্মতৃপ্তি লাভ কৰোঁ আৰু ভগৱানে মোক যিমান দিন বচাই ৰাখিব মই দৰিদ্ৰক সহায় কৰি যাম। সমাজৰ পাছপৰা তথা দৰিদ্ৰ মানুহৰ সহায় কৰাটো প্ৰতিজন সচেতন মানুহৰ কৰ্তব্য হোৱা উচিত। দৰিদ্ৰ-অসহায়ক সহায় কৰাটোৱে মানৱীয়তাৰ প্ৰকৃত গুণ।" এইবাৰ ৰমজান মাহত শ্ৰীৰামপুৰ আৰু গুমাত ১৫ হেজাৰ শাৰী আৰু পাঁচ সহস্ৰাধিক লুঙী ইছলাম ধৰ্মাৱলম্বী দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰিব বুলি সজল ফাউণ্ডেছনৰ সাধাৰণ সম্পাদক সুধা ৰায়ে জানিবলৈ দিয়ে।