Logo
image

নগাঁও ভাওনা সমাৰোহ আৰম্ভ

'আমাৰ অসম'ৰ নগাঁৱৰ প্ৰতিবেদক, ১৮ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ২০১২ চনৰ পৰা নগাঁৱৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ নেতৃত্বত উদযাপন কৰি অহা নগাঁও ভাওনা সমাৰোহে এইবাৰ ত্ৰয়োদশ বৰ্ষত ভৰি দিলে। নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিৰ ভক্তিস্থলত আজিৰে পৰা তিনিদিনীয়াকৈ ত্ৰয়োদশ বাৰ্ষিক নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। মঙ্গলবাৰে পুৱা ১৪ খন ধৰ্মধ্বজা উত্তোলনৰে নগাঁও ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰা হয়। মূল ধৰ্মধ্বজা উত্তোলন কৰে নগাঁও ভাওনা সমাৰোহ সমিতিৰ সভাপতি তথা বৈষ্ণৱ পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰে। নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ১৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে আন ১৩ খন ধৰ্মধ্বজা উত্তোলন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সাহিত্যিক তথা শিক্ষাবিদ ড০ সঞ্জীৱ বৰকাকতিয়ে।


ইয়াৰ পিছতে ভাওনা সমাৰোহ সমিতিৰ বিষয়ববীয়া লীলা কাকতি, পৰাণ মহন্ত, প্ৰদীপ হাজৰিকা, বসন্ত বৰুৱা, প্ৰমোদ কুমাৰ বৰাৰ নেতৃত্বত গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ পৰা ভাওনা সমাৰোহস্থলীলৈ নিৰ্মালি আনয়ন যাত্ৰা সম্পন্ন কৰা হয়। দিনৰ ১১ বজাৰ পৰা পোটনি খুন্দামৰা সত্ৰৰ ডেকা সত্ৰধিকাৰ চন্দ্ৰকান্ত মহন্ত আৰু পাঠেক পুহিৰাম চমুৱাৰ পৰিচালনাত গুৰু আসন প্ৰতিষ্ঠা আৰু নামপ্ৰসঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। স্থানীয় ৰাইজৰ দ্বাৰা নামযজ্ঞ অনুষ্ঠিত হোৱাৰ পিছত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজসেৱক ইন্দ্ৰমোহন বৰুৱাই। কাইলৈ পুৱা নামপ্ৰসঙ্গ, দিহানাম প্ৰতিযোগিতা, সন্ধিয়া বৰগীত পৰিবেশন আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ পিছত ৰামায়ণ-মহাভাৰতৰ কাহিনীৰ আধাৰত ৯ খন খোলাত অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ভাওনা উদ্বোধন কৰিব। অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২০ মাৰ্চত সন্ধিয়া ৯ খন খোলাত 'কেলিগোপাল' নাট প্ৰদৰ্শনৰে নগাঁও ভাওনা সমাৰোহৰ সামৰণি পৰিব।