Logo
image

ডিব্ৰুগড়ৰ ৰহমৰীয়াত ধুমুহাৰ তাণ্ডৱত গৃহহাৰা বহু পৰিয়াল

'আমাৰ অসম’ৰ ডিকমৰ প্ৰতিবেদক, ১৮ মাৰ্চঃ বহাগ বিহুৰ পূৰ্বেই উজনি অসমত ধুমুহা-বৰষুণে তাণ্ডৱ আৰম্ভ কৰিছে৷ সোমবাৰে নিশা প্ৰচণ্ড ধুমুহাৰ কৱলত পৰি ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত কেইবাটাও পৰিয়াল গৃহহাৰা হয়৷ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহমৰীয়া মৌজাৰ গেণীচুক, হাঁহৰিয়াল, বগৰীতলিয়াত নিশা প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলাই৷ জানিব পৰা মতে, নিশা অহা প্ৰচণ্ড ধুমুহাত চাবুৱা-লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ বিভিন্ন প্ৰান্তত বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়৷ ৰহমৰীয়াত ২০ টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ অনিষ্ট হয়৷ প্ৰকাণ্ড গছৰ ডাল পৰি ক্ষতিসাধন হয় কেইবাখনো দুচকীয়া, তিনিচকীয়া বাহন। 


আনহাতে, বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা৷ এগৰাকী বৃদ্ধা আৰু এটি শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে৷ ধুমুহাত তাণ্ডৱ চলোৱা ৰহমৰীয়াৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দিয়ে বিধায়ক বিনোদ হাজৰিকা৷ মঙ্গলবাৰে পুৱাই বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়া, কচুৱনী, বগৰীতলীয়া, বৰতিচুক, গেণীচুকত উপস্থিত হৈ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ খবৰ লয়৷ শীঘ্ৰে দুৰ্দশাগ্ৰস্ত পৰিয়ালক চৰকাৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধুমুহাত ক্ষতিসাধন হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাই নিশা আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷